কৃষ্ণাই কেপিএল ক্ৰিকেট চূড়ান্ত খেলত চাৰিআলি ব্লেক পেণ্টাৰ বিজয়ী

কৃষ্ণাই কেপিএল ক্ৰিকেট চূড়ান্ত খেলত চাৰিআলি ব্লেক পেণ্টাৰ বিজয়ী

ডিজিটেল সংবাদ, কৃষ্ণাইঃ যোৱা ২৬ জানুৱাৰী অৰ্থাৎ ৭০ সংখ্যক গণৰাজ্য দিৱসৰ পৰা গোৱালপাৰা জিলাৰ কৃষ্ণাই হাব্ৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নৱম বাৰ্ষিক কৃষ্ণাই প্ৰিমিয়াৰ লীগ ক্ৰিকেট (দিবা-নৈশ) প্ৰতিযোগিতাখনৰ চূড়ান্ত খেল মঙলবাৰে নিশা অনুষ্ঠিত হয়৷ কেপিএলৰ চূড়ান্ত খেলখন চাৰিআলি ব্লেক পেন্টাৰ আৰু ফোৰ্ড ব্ৰাডাৰ্চ দলৰ মাজত অনুষ্ঠিত হয়৷

দুয়োটি দলৰ মাজত হোৱা আকৰ্ষণীয় প্ৰতিযোগিতাত ৮ অভাৰত প্ৰথমে ফোৰ্ড ব্ৰাডাৰ্চ দলে ৮৪ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে চাৰিআলি ব্লেক পেণ্টাৰ দলে ৮ অভাৰ ব্যৱধানত ৮৫ ৰাণ সংগ্ৰহ কৰি ফোৰ্ড ব্ৰাডাৰ্চক পৰাস্ত কৰি বিজয়ী খিতাপ লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, এইবেলি কৃষ্ণাই প্ৰিমিয়াৰ লীগ ক্ৰিকেট খেলত ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ টীম সহ ৪৬ টা টীমে যোগদান কৰে৷

নিশা চূড়ান্ত খেলত বিজয়ী চাৰিআলি ব্লেক পেণ্টাৰ দলক কৃষ্ণাই প্ৰিমিয়াৰ লীগে ৩৫ হেজাৰ টকাৰ চেক সহ ট্ৰফীৰে পুৰস্কৃত কৰাৰ লগতে ৰাণাৰ্চ আপ ফোৰ্ড ব্ৰাডাৰ্চ দলক ২৫ হেজাৰ টকাৰ চেক সহ ট্ৰফীৰে পুৰস্কৃত কৰে৷ নিশা চূড়ান্ত প্ৰতিযোগিতা উপভোগ কৰিবলৈ জিলাখনৰ বিভিন্ন ঠাইৰ হেজাৰ হেজাৰ ক্ৰীড়া প্ৰেমী ৰাইজে খেলপথাৰত ভিৰ কৰা পৰিলক্ষিত হয়৷ এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰে কৃষ্ণাইত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in