কৃষ্ণগুৰু সেৱাশ্ৰমত মহা পালনাম আৰম্ভ….

কৃষ্ণগুৰু সেৱাশ্ৰমত মহা পালনাম আৰম্ভ….

ডিজিটেল সংবাদ চেঙাঃ আৰম্ভ হ'ল বিশ্ব শান্তিৰ লক্ষ্যৰে কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তন । বৰপেটা জিলাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত মংগলবাৰৰ পৰা আৰম্ভ হৈছে মহাপালনাম। কৃষ্ণগুৰু সেৱাশ্ৰমত মঙলবাৰে পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন।

সাতদিনীয়াকৈ আয়োজিত এই অখণ্ড পালনাম সেৱাশ্ৰমৰ মূল কীৰ্তন ঘৰত বন্তি প্ৰজ্বলন আৰু শ্ৰীমদ্ভাগৱত প্ৰতিষ্ঠা কৰি শুভাৰম্ভ কৰে কৃষ্ণগুৰু সেৱাশ্ৰমৰ 'কৃষ্ণগুৰু প্ৰেমানন্দ' প্ৰভুৱে। সোমবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০২ টা ভকত-আইৰ দলে কৃষ্ণগুৰু একনাম কীৰ্তন কৰি শ্ৰীমদ্ভাগৱত সাৰ আনি মূল কীৰ্তনঘৰত থাপনা কৰিছিল। এই মহাপালনামত দেশৰ বিভিন্ন প্ৰান্তৰ পচিশ সহস্ৰাধিক ভকত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ।

অহা ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত এই মহাপালনামৰ সামৰণি পৰিব বুলি জানিবলৈ দি 'কৃষ্ণগুৰু নাম'ৰ জৰিয়তে এখন আধ্যাত্মিক, সুস্থ- সবল সমাজ গঢ়াটো সম্ভৱ বুলি উল্লেখ কৰে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ আই কুন্তলা গোস্বামীয়ে।আধ্যাত্মিক চিন্তা-চেতনাৰে সমাজক নতুনকৈ গঢ় দিয়াৰ লক্ষ্যৰে অনুষ্ঠিত কৰা মহাপালনামত ভকত-সজ্জনেৰে লোকাৰণ্য হৈ পৰাত পুণ্য তীৰ্থত পৰিণত হৈছে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in