কৃষ্ণাই বন বিভাগৰ অভিযানত শালকাঠ ভৰ্তি পিকআপ ভান জব্দ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত অব্যাহত আছে চোৰাং কাঠ ৰমৰমীয়া বেহা৷ চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাই বন বিভাগৰ তীব্ৰ অভিযান৷

দেওবাৰে পুৱতি নিশা কৃষ্ণাই বন বিভাগে অসম-মেঘালয় সীমান্তত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই জিৰাত এখন শালকাঠ ভৰ্তি পিকআপ ভান জব্দ কৰে৷

মেঘালয়ৰ পৰা কৃষ্ণাই অভিমুখে আহি থকা সময়তে বন বিভাগৰ লোকে কাঠভৰ্তি বাহনখন জব্দ কৰে৷ অৱশ্যে চোৰাং কাঠ ব্যৱসায়ীৰ লগত জড়িত কোনো এগৰাকী লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ৷ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি দৌৰি দৌৰি পলায়ন কৰে চালক তথা ব্যৱসায়ীসকল৷ জব্দকৃত শাল কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ১ লাখ টকা৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in