ৰঙা কাপোৰ পাৰি, ধূপ জ্বলাই ডিঙি কাটি হত্যা শিক্ষকক

ৰঙা কাপোৰ পাৰি, ধূপ জ্বলাই ডিঙি কাটি হত্যা শিক্ষকক

ডিজিটেল সংবাদ, কৃষ্ণাইঃ নৱবৰ্ষৰ আনন্দ-উল্লাহৰ মাজতে গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত কুশধোৱাৰ দেউলগুৰিত সংঘটিত হয় লোমহৰ্ষত হত্যাকাণ্ড৷ বুধবাৰে নিশা কোনো দুৰ্বত্তই বাইকেৰে গৈ থকা এগৰাকী বাইক আৰোহীক ডিঙি কাটি হত্যা কৰি পথৰ দাতিত পেলাই থৈ যায়৷ এই ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিবপৰা মতে, দৰংগিৰি-মাটিয়া সংযোগী দেউলগুৰি পথৰ দাতিত নিশা এজন লোকৰ ডিঙিত কটা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷ তাৰ পাছতে সমগ্ৰ অঞ্চলতে চাঞ্চল্য বিৰাজ কৰাৰ বিপৰীতে ঘটনাৰ সন্দৰ্ভত আৰক্ষীক খৱৰ দিয়ে ৰাইজে৷ লগে লগে ঘটনাস্থলীত ৰংজুলি, মাটিয়া থানাৰ আৰক্ষীৰ লগতে জিলা আৰক্ষী অধীক্ষক অমিতাভ সিংহা উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

মৃত লোকজনক খেৰোপাৰাৰ ফুলবাহাৰ আলী বুলি চিনাক্ত কৰা হৈছে৷ ফুলবাহাৰ আলী মেঘালয়ৰ বাঘচালপাৰা হাইস্কুলৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল তেওঁ৷ মৃত লোকজনৰ এমএল০৮চি৭২৮৫ নম্বৰৰ বাইকখন উদ্ধাৰ হয় পথৰ কাষত৷ উল্লেখ্য যে, শিক্ষক ফুলবাহাৰ আলীক ৰঙা কাপোৰ পাৰি কাষত ধূপ জ্বলাই দাৰে ডিঙিত কাটি হত্যা কৰিছে৷

কিন্তু শিক্ষকজনক কোনে এনেদৰে নৃশংস ভাৱে পৰিকল্পনা কৰি হত্যা কৰিলে এতিয়ালৈকে জানিব পৰা নাই৷ অৱশ্যে আৰক্ষীয়ে তীব্ৰ গতিত তদন্ত প্ৰক্ৰিয়া চলাই গৈছে৷ তাৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব শিক্ষক জনক কোনে, কিয় হত্যা কৰিলে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in