শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

কৃষ্ণাইত শ্ৰীকান্ত ৰাভাৰ স্মৃতিত ‘পঢ়ুৱৈৰ আড্ডা’…

46

ডিজিটেল সংবাদ, কৃষ্ণাই: গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নগৰপাৰাৰ বিশিষ্ট সমাজ সেৱক প্ৰয়াত শ্ৰীকান্ত ৰাভাৰ প্ৰথম স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি শনিবাৰে ‘পঢ়ুৱৈৰ আড্ডা’শীৰ্ষক স্মৃতি ৰোমন্থন,গল্প -গজৱ আৰু সাহিত্য আলোচনাৰ এক ব্যতিক্ৰম অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰয়াত শ্ৰীকান্ত ৰাভাৰ নিজ বাসভৱনত অনুষ্ঠিত আনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট কবি তথা অন্তৰংগ সাহিত্য চ’ৰাৰ সভাপতি মগেন্দ্ৰ দৈমাৰীয়ে।

অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত ৰাভাৰ জ্যেষ্ঠ পুত্ৰ বাণীকান্ত ৰাভাই আদৰণি ভাষণ দিয়ে। অনুষ্ঠানত শিল্পী পেঞ্চনাৰ হৰেশ্বৰ ৰাভা, ডাঃ দীলিপ ঘোষ, সাহিত্যকৰ্মী দিব্যজ্যোতি ৰাভা, শিল্পী মহেন ৰাভা, সুপ্ৰসাদ ৰাভা, সাংবাদিক নীলমণি শৰ্মা আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আড্ডাত অংশ গ্ৰহণ কৰে। লকডাউনৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত অনুষ্ঠানত কবিতা, গল্প , গীত-মাত পৰিবেশন কৰা হয়। অনুষ্ঠানৰ পূৰ্বেই বৃক্ষৰোপন কৰে সাংবাদিক চৈয়দ ৰবিউল হকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি