কৃষ্ণাইত ৰাহত সমিতিৰ উদ্যোগত আৰ্তজনলৈ আৰ্থিক সাহায্য বিতৰণ

কৃষ্ণাইত ৰাহত সমিতিৰ উদ্যোগত আৰ্তজনলৈ আৰ্থিক সাহায্য বিতৰণ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ঝৰাবড়ী জনতা যুৱ সংঘৰ এটি অন্যতম শাখা ৰাহত সমিতিয়ে আৰ্তজনলৈ আৰ্থিক সাহাৰ্য্য বিতৰণ কৰে। লকডাউনৰ মাজতে ঈদুল ফিতিৰ উৎযাপন কৰিবলগা হোৱাত বহু পৰিয়ালৰ অৱস্থা পানীত হাহ নচৰাৰ দৰে হৈ পৰিছে। এইবেলি মুছলিম সম্প্ৰদায়ৰ বহু পৰিয়ালে অৰ্থৰ অভাৱত ঈদৰ আনন্দ এক প্ৰকাৰ ম্লান হৈ পৰা পৰিলক্ষিত হৈছে। সমাগত ঈদুল ফিটিৰৰ বাবে বহু আৰ্তজন পৰিয়ালে নূন্যতম প্ৰয়োজনীয় খাদ্য সামগ্ৰীখিনিও যোগাৰ কৰাত ব্যৰ্থ হৈছে।

এনে পৰিপ্ৰেক্ষিতত ঝৰাবড়ী যুৱ সংঘৰ ৰাহত সমিতিয়ে ঝৰাবড়ী সমাজৰ অন্তৰ্গত আৰ্তজন পৰিয়ালবোৰৰ ঘৰে ঘৰে গৈ খা খবৰ লোৱাৰ লগতে প্ৰায় ৩০টা পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে।এই অভিযানত ৰফিজুদ্দিন আহমেদ, মাচুদ কৰিম,ফাৰুক আহমেদ,জহিৰুল ইছলাম,ছফিকুল ইছলাম,ছহিবুল ইছলাম,ইছমাইল হুছেইন,মনছেৰ আলী আদিকে ধৰি বহু কেইগৰাকী প্ৰগতিশীল যুৱকে অংশ গ্ৰহণ কৰে। ৰাহত সমিতিয় মাস্ক ব্যৱহাৰ কৰি সামাজিক দুৰত্ব বজাই ৰাখি এই অভিযান সমাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in