কৃষ্ণাই সমবায় সমিতিৰ সাধাৰণ সভা…

কৃষ্ণাই সমবায় সমিতিৰ সাধাৰণ সভা…

ডিজিটেল সংবাদ,কৃষ্ণাই : গোৱালপাৰা জিলাৰ কৃষ্ণাই সমবায় সমিতি লিমিটেডৰ ২০১৯-২০ বৰ্ষৰ সাধাৰণ সভাখন দেওবাৰে মানিকপুৰ -ভেলাখামাৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰাংগণত আনুষ্ঠিত হয়। সমিতিৰ সভাপতি জয়ন্ত ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে সমিতিখনৰ অন্তৰ্গত ১৮ গৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়।

শিক্ষাৰ্থীসকলক গামোচা,অভিনন্দন পত্ৰ আৰু একোখনকৈ ইংৰাজী অভিধান দিয়া হয়। সভাত চাৰি গৰাকী আন্ত:ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক খেলুৱৈকো সম্বৰ্ধনা জনোৱাৰ লগতে সংশ্লিষ্ট হাইস্কুল আৰু হাই মাদ্ৰাছাৰ প্ৰধান শিক্ষক সকলকো সম্বৰ্ধনা জনোৱা হয়। সমিতিখনে বৃক্ষৰোপনৰো এক কাৰ্যসূচী গ্ৰহন কৰে। সভাখনৰ আঁত ধৰে সমিতিৰ সচিব ছায়েদ হুছেইনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in