কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত বন বিভাগৰ অভিযান

কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত বন বিভাগৰ অভিযান

ডিজিটেল ডেস্ক, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত অব্যাহত আছে চোৰাং কাঠ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা৷ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে চলাইছিল অবৈধ কাঠৰ বেহা৷ এই কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাই বন বিভাগে তীব্ৰ অভিযান চলাইছিল৷

শুকুৰবাৰে নিশা অসম-মেঘালয় সীমান্তৰ মেছেলখোৱা অঞ্চলৰ হুদাকোণাত অভিযান চলাই এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে প্ৰায় ৭০ হাজাৰ টকাৰ শাল গছৰৰ কাঠ আৰু কুণ্ডা জব্দ কৰে বন বিভাগে।

জানিবপৰা মতে, অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলবোৰত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰাই বন বিভাগৰ চকুত ধূলি দি চলাই গৈছিল কাঠৰ বেহা৷ সেই তথ্য লাভ কৰি কৃষ্ণাই বন বিভাগে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে কাঠ কুণ্ডাখিনি আৰু উচ্ছেদ কৰে এটা কাঠৰ মিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in