কৃষ্ণাইৰ মানিকপুৰ-হাৰিমুৰা ধাননি পথাৰত বন্যহস্তীৰ সন্ত্ৰাস

কৃষ্ণাইৰ মানিকপুৰ-হাৰিমুৰা ধাননি পথাৰত বন্যহস্তীৰ সন্ত্ৰাস

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত ইফালে পঞ্চায়ত নিৰ্বাচনৰ বলিছে গৰম বতাহ আনফালে আকৌ বন্যহস্তীৰ সন্ত্ৰাস ৷ কৃষ্ণাইৰ নিকটৱৰ্তী খামাৰ মানিকপুৰ আৰু হাৰিমুৰা খেতিপথাৰত সম্প্ৰতি দিনে-নিশাই পোৱালি সহ ১৭ জনীয়া এজাক বন্যহস্তীয়ে সন্ত্ৰাস চলাই নিদ্ৰা হৰণ কৰিছে খেতিয়কৰ ৷ বিনষ্ট কৰিছে শ শ সোণোৱালী খেতিপথাৰৰ ফচল ৷

উপায়ন্তৰ কৃষকে মূৰে কঁপালে হাত থৈ কান্দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বন্যহস্তীৰ জাকটোয়ে প্ৰতিদিনে খেতিপথাৰত অৱস্থান কৰি সোণগুটি খাই, গছকি বিনষ্ট কৰি আহিছে ৷ কিন্তু নিৰ্বিকাৰ বন বিভাগ কিম্বা জিলা প্ৰসাশন ৷ বৃহত্তৰ খেতিপথাৰত বিগত ২০-২৫ দিন ধৰি কৃষকৰ সম্পদৰ ওপৰত অৱস্থান কৰি বিনষ্ট কৰাৰ লগতে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বন্যহস্তীয়ে ৷

কৃষ্ণাই বন বিভাগে স্থানীয় ৰাইজৰ সহযোগত খেদিবলৈ চেষ্টা কৰিছে যদিও আজিও খেতিপথাৰৰ পৰা খেদিব পৰা নাই হাতীক জাকটোক ৷ যাৰ ফলত খেতিয়ক সকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ৷ বাৰিষাত কপাঁলৰ ঘাম মাটিত পেলাই কৰা খেতি ফচল পোৱাৰ সময়তে বন্যহস্তীয়ে কৃষকৰ সপোন তচনচ কৰিব ধৰিছে ৷

আনহাতে ৰাইজে ক্ষোভিত হৈ পৰিছে বন বিভাগ তথা চৰকাৰৰ প্ৰতি ৷ বিগত ২০-২৫ দিন ধৰি খামাৰ মানিকপুৰ আৰু হাৰিমুৰা খেতিপথাৰত বন্যহস্তীৰ জাকটোয়ে অৱস্থান কৰি থকাৰ পিছতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বন বিভাগে। সেয়ে অতি শীঘ্ৰে খেতিপথাৰৰ পৰা বন্যহস্তীৰ জাকটোক খেদি পঠিয়াই কৃষকক উপকৃত কৰিবলৈ আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in