কৃষ্ণাইত দিন দুপৰতে চুৰি, নগদ ধনসহ লুটিলে ১২লাখৰো অধিক মূল্যৰ সোণৰ অলংকাৰ…

কৃষ্ণাইত দিন দুপৰতে চুৰি, নগদ ধনসহ লুটিলে ১২লাখৰো অধিক মূল্যৰ সোণৰ অলংকাৰ…

ডিজেটেল সংবাদ,কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাত অন্তৰ্গত মানিকপুৰত শনিবাৰে পুৱা এক লোমহৰ্ষক চুৰি কাণ্ডত চোৰে লুটিলে নগদ ধনসহ ৪০ তোলাৰ সোণৰ অলংকাৰ৷ জানিব পৰা মতে পুৱা মানিকপুৰৰ নুৰহুছেই খানে পৰিয়ালসহ নিজ ভ্ৰাতৃ মনোৱাৰ খান আৰু ভাই বোৱাৰী আবজান লেচাক হজ যাত্ৰাৰ বাবে বিদায় দিবলৈ যোৱাৰ পিছতে এই ঘটনা সংঘটিত হয়।

জ্যেষ্ঠ ভাতৃ নুৰহুছেই খানে ভ্ৰাতৃক বিদায় দি আহি ঘৰৰ দুৱাৰ খোলা দেখা পাই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ মাত্ৰ দুঘন্টাতে চোৰে লুটিলে নগদ ধনসহ ৪০ তোলা সোণৰ অলংকাৰ৷ ইফালে পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in