কৃষ্ণাইত দলঙৰ ওপৰত দাউ দাউকৈ জ্বলিল মাৰুতি ভেন

কৃষ্ণাইত দলঙৰ ওপৰত দাউ দাউকৈ জ্বলিল মাৰুতি ভেন

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত সংঘটিত হয় এক অঘটন। হঠাৎ কৃষ্ণাইৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কৃষ্ণাই নৈৰ ওপৰত থকা আৰ চি চি দলঙৰ ওপৰত দাউ দাউকৈ জ্বলি উঠে এখন মাৰুতি ভেন। লগে লগে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ।

জানিবপৰা মতে, গোৱালপাৰাৰ পৰা দুধনৈ অভিমুখে গৈ থকা সময়তে মাৰুতি বাহনখন কৃষ্ণাই নৈৰ ওপৰত থকা আৰচিচি পকী দলঙৰ ওপৰত যান্ত্ৰিক বিজুতি ঘটি দাউ দাউকৈ জ্বলি উঠে৷

পিছত দলঙৰ ওপৰতে সম্পূৰ্ণ ৰূপে জ্বলি ভূস্মীভূত হয় এএছ ০১ কিউ ২৩৮৮ নম্বৰৰ বাহনখন। অৱশ্যে পলমকৈ হ'লেও ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও বাহনখন ভস্মীভূত হয়৷ এই অঘটনৰ পাছতে দলঙৰ দুয়ো পাৰত হাজাৰ হাজাৰ যান-বাহন আবদ্ধ হৈ পৰে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in