কৃষ্ণাইৰ ভিমাজুলীত ডকাইটিঃ অস্ত্ৰধাৰী যুৱকৰ দলে লুটিলে লক্ষাধিক টকাৰ লগতে সোণৰ আ-অলংকাৰ…

কৃষ্ণাইৰ ভিমাজুলীত ডকাইটিঃ  অস্ত্ৰধাৰী যুৱকৰ দলে লুটিলে লক্ষাধিক টকাৰ লগতে সোণৰ আ-অলংকাৰ…

ডিজিটেল সংবাদ,কৃষ্ণাই: গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত ভিমাজুলত শনিবাৰে নিশা অস্ত্ৰধাৰী ডকাইটৰ দল এটাই মুকুট ৰায়ৰ ঘৰত লুটপাত চলায়৷ নিশা দলটোয়ে পৰিয়াটোৰ লোকক মাতে আৰু দুৱাৰ খুলি দিয়াৰ পিছেতে অস্ত্ৰ ধাৰী দলটোৱে পৰিয়ালৰ লোকক আক্ৰমণ কৰি ঘৰৰ ভিতৰৰ পৰা নগদ ধন সহ সোণৰ আ-অলংকাৰ লুটি লৈ যায় ৷

পৰিয়ালৰ লোকে ইতিমধ্যে আগিয়া আৰক্ষী চকীত এজাহাৰ দিয়ে ৷ পৰিয়ালৰ লোকে জনোৱা মতে, ডকাইটৰ দলটোৱে হাতে হাতে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ লৈ আহিছিল৷ এই ঘটনাই আঞ্চলটোত এক আতংকৰ সৃষ্টি কৰিছে ।আৰক্ষীয়ে ডকাইটৰ দলটো কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in