বলাবলাৰ জিনাৰী নৈত শিশু সন্ধানহীন, আৰক্ষী-এছ ডি আৰ এফৰ অভিযান

বলাবলাৰ জিনাৰী নৈত শিশু সন্ধানহীন, আৰক্ষী-এছ ডি আৰ এফৰ অভিযান

ডিজিটেল সংবাদ, কৃষ্ণাইঃ সমনীয়াৰ সৈতে জিনাৰী নৈত গাধুবলৈ গৈ এজন আঠ বছৰীয়া শিশু সন্ধানহীন হোৱা ঘটনাই বলবলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে আগিয়া বুধিপাৰাত শেহতীয়াকৈ স্থায়ীভাৱে বসবাস কৰা বলীন নমঃ দাসৰ পুত্ৰ তাপচ নমঃ দাসে বলবলাৰ খ্ৰাগ্ৰাবাৰীৰ আইতাকৰ ঘৰত ফুৰিবলৈ আহি তিনি সমনীয়াৰ সৈতে বলবলাৰ জিনাৰী নৈত গা ধুবলৈ নামে৷ গা ধুই থকা সময়তে তাপচ নামৰ ৮বছৰীয়া শিশু টো দ পানীত পিচলি পৰি যায়৷

সমনীয়া এজন এনেদৰে পানীত পৰি যোৱাৰ পিছতে লগৰ আন দুজনে উদ্ধাৰৰ চেষ্টা কৰিছিল যদিও সফল নহ'ল৷ নৈৰ দ পানীত পৰি যোৱা সমনীয়াক এৰি দুয়োজনে কোনোমতে জীৱন ৰক্ষা কৰে৷
এই ঘটনাই অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি কৰে৷

ইতিমধ্যে সন্ধানহীন শিশুটিৰ উদ্ধাৰৰ বাবে জিলা আৰক্ষীৰ লগতে এছ ডি আৰ এফে জিনাৰী নৈত অভিযান চলাইছে যদিও উদ্ধাৰ কৰিব পৰা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in