গোৱালপাৰাৰ কৃষ্ণাইত পথ দুৰ্ঘটনা, আহত ২

গোৱালপাৰাৰ কৃষ্ণাইত পথ দুৰ্ঘটনা, আহত ২

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ গুৰিয়াঝাৰ পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ এখন বাইক আৰু মাৰুতিৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহী৷

উল্লেখযোগ্য যে, দুৰ্ঘটনাগ্ৰস্ত বাইকখন মেন্দিপথাৰৰ পৰা কৃষ্ণাই অভিমুখে আহি থকা সময়তে শিঙিমাৰী-গুৰিয়াঝাৰ গড়কাপ্টানি পথত সমুখৰ পৰা আহি থকা মাৰুতি-800 বাহনখনত মুখামুখিকৈ খুন্দা মাৰে। ফলত বাইকখন পথৰ ওপৰতে বাগৰি পৰে আৰু বাইকখনত থকা আৰোহীদ্বয় আহত হয়। আনহাতে, মাৰুতি বানহখনো ক্ষতিগ্ৰস্ত হয় এই দুৰ্ঘটনাত৷

ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে আহতসকলক উদ্ধাৰ কৰি গোৱালপাৰাৰ চিকিৎসাললৈ প্ৰেৰণ কৰে৷ দুৰ্ঘটনাগ্ৰস্ত বাইকখন নম্বৰ AS-18E-1885 আৰু মাৰুতি বাহনখনৰ নম্বৰ As-01G-9200।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in