কৃষ্ণাইত পথ দুৰ্ঘটনা, নিহত দুজন…

কৃষ্ণাইত পথ দুৰ্ঘটনা, নিহত দুজন…

ডিজিটেল সংবাদ, কৃষ্ণাই: কৃষ্ণাইৰ থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ কাছুমাৰীত সোমবাৰে নিশা প্ৰায় ৯বজাত ভয়ংকৰ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত জিৰাৰ দিপাংকৰ ৰাভা আৰু ঢেকীয়াবাৰীৰ পল্লব ৰাভা নামৰ দুজন যুৱক নিহত আৰু দুজন গুৰুতৰ ভাৱে আহত বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

আহত-নিহত সকলক গোৱালপাৰা চিকিৎসালয়ত আৰক্ষীয়ে প্ৰেৰণ কৰিছে৷ বিবাহস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন কাছুমাৰীৰ ঘাইপথৰ কাষতে থকা বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in