অসম চৰকাৰৰ সাহায্য পুঁজিলৈ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য-অধ্যাপক-কৰ্মচাৰীৰ এদিনৰ দৰমহা, VIDEO

অসম চৰকাৰৰ সাহায্য পুঁজিলৈ   কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য-অধ্যাপক-কৰ্মচাৰীৰ এদিনৰ দৰমহা, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ সমগ্ৰ বিশ্বজুৰি মৃত্যুৰ বিভীষিকা নমাই অনা আৰু ইতিমধ্যেই মহামাৰীৰ ৰূপ গ্ৰহণ কৰা কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ আৰু চিকিৎসাৰ সহায়ক হোৱাকৈ অসম চৰকাৰে গঠন কৰা পূঁজি 'অসম আৰোগ্য নিধি'লৈ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ তৰুণ চন্দ্ৰ বৰা সমন্বিতে সকলো পদাধিকাৰী, অধ্যাপক, বিষয়া-কৰ্মচাৰীয়ে আগবঢ়াইছে মাৰ্চ মাহৰ এদিনৰ দৰমহা। উল্লেখ্য যে, বৰপেটা জিলাৰ নসত্ৰৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ উপৰি এখন নাৰ্ছিং প্ৰতিষ্ঠান আৰু এখন ফিজিঅ'থেৰাপি প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে।

বিশ্ববিদ্যালয়খনৰ সকলো স্তৰৰ আৰু বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত সকলো প্ৰতিষ্ঠানৰ পদাধিকাৰী, অধ্যাপক-কৰ্মচাৰীৰে এদিনৰ দৰমহা ৰাজ্য চৰকাৰৰ 'অসম আৰোগ্য নিধি'ত জমা দিয়াৰ সিদ্ধান্ত বিশ্ববিদ্যালয় কৰ্ত্তৃপক্ষই লৈছে। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ তৰুণ চন্দ্ৰ বৰাই এই কথা জানিবলৈ দিয়ে। আনহাতে সামাজিক দূৰত্ব বজাই ৰাখি কোৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in