কৃষি সম্প্ৰসাৰণ সেৱাৰ ডিপ্ল’মা প্ৰদানৰ বাবে এবছৰীয়া পাঠ্যক্ৰমৰ উদ্বোধন…

কৃষি সম্প্ৰসাৰণ সেৱাৰ ডিপ্ল’মা প্ৰদানৰ বাবে এবছৰীয়া পাঠ্যক্ৰমৰ উদ্বোধন…

ডিজিটেল সংবাদ, মঙলদৈঃ কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙৰ প্ৰেক্ষাগৃহত সোমবাৰে কৃষি নিৱেশ পৰিৱেশকসকলৰ কৃষি সম্প্ৰসাৰণ সেৱাৰ ডিপ্ল'মা (DAESI-Diploma in Agricultural Extension Services for Input Dealers) প্ৰদানৰ বাবে এবছৰীয়া পাঠ্যক্ৰমৰ উদ্বোধন কৰা হয়।

কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান (MANAGE-National Institute of Agricultural Extension Management)ৰ বিত্তীয় সাহাৰ্য্যপ্ৰাপ্ত এই পাঠ্যক্ৰমৰ জৰিয়তে কৃষি সাৰ আৰু কীটনাশক বিক্ৰেতাসকলে যাতে কৃষকসকলৰ মাজলৈ গৈ ন ন কৃষি তথ্য, প্ৰযুক্তিৰ বিষয়ে সজাগতা আনিব পাৰে সেই উদ্দেশ্য আগত ৰখা হৈছে।

এই অনুস্থানত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, দৰং জিলাৰ ভাৰপ্ৰাপ্ত জিলা কৃষি বিষয়া উদ্ধৱ ডেকা, কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ (ATMA) দৰঙৰ উপ প্ৰকল্প সঞ্চালক ডা০ সিদ্ধাৰ্থ বৰুৱাৰ উপস্থিতিত উদ্বোধনী অনুষ্ঠানত উদ্দেশ্য বাখ্যা কৰে কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙৰ মুৰব্বী ড০ আব্দুল হাফিজে।

উক্ত সভাত দৰং জিলাৰ ভাৰপ্ৰাপ্ত জিলা কৃষি বিষয়া উদ্ধৱ ডেকাই সমগ্ৰ পাঠ্যক্ৰমটোৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰি কয় যে এই পাঠ্যক্ৰমটো দৰং জিলাক ধৰি অসমৰ আন চাৰিখন জিলা ক্ৰমে নলবাৰী, বৰপেটা আৰু মৰিগাঁৱত পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছে আৰু সৰ্বমুঠ ৪০ জন ডিলাৰক প্ৰথম পৰ্য্যায়ত এই পাঠ্যক্ৰম প্ৰদান কৰা হ'ব।

দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই জিলাখনত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগৰ পৰা বিৰত থাকিবলৈ ভাষণত কৃষক ৰাইজক আহ্বান কৰে। মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে কৃষক ৰাইজক জৈৱিক কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে ৰপ্তানি ব্যৱস্থাৰ লগত সাঙোৰ খাই অধিক মুনাফা লাভ কৰাৰ চেষ্টা কৰিবলৈ আহ্বান জনায়।

বিধায়কে কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙে জিলাখনৰ কৃষিক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ শলাগ লোৱাৰ লগতে কেন্দ্ৰৰ দীৰ্ঘদিনীয়া অমীমাংসীত ভূমি বিবাদৰ শীঘ্ৰেই স্থায়ী সমাধান কৰা হ'ব বুলি জনায়। উক্ত সভাখনৰ আঁত ধৰে কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙৰ বতৰ বিজ্ঞান বিভাগৰ বিষয় বস্তু বিশেষজ্ঞা বনস্মিতা বৰ্মণে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in