লক্ষীপুৰত কৃষিজাত সামগ্ৰীৰ বিপণনৰ তিনিদিনীয়া কৰ্মশালা আৰম্ভ

লক্ষীপুৰত কৃষিজাত সামগ্ৰীৰ বিপণনৰ তিনিদিনীয়া কৰ্মশালা আৰম্ভ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ লঘু কৃষক, কৃষি বজাৰ সংস্থাৰ অধীনস্থ স্মল ফাৰ্মাৰ্ছ এগ্ৰি বিজনেছ কনছৰটিয়ামৰ উদ্যোগত শুক্ৰবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰত 'কৃষিজাত সামগ্ৰীৰ বিপণন' শীৰ্ষক তিনিদিনীয়া কৰ্মশালাখন আৰম্ভ হয়। গোৱল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মশালাখন উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাই।

গাওঁবুঢ়া খগেন সূত্ৰধৰৰ সঞ্চালনাত অনুষ্ঠিত স্মল ফাৰ্মাৰ্ছ এগ্ৰি বিজনেছ কনছৰটিয়ামৰ গুৱাহাটী আঞ্চলিক বিষয়া সন্তোষ দাস, চাৰ্পাক এগ্ৰো এডুচাৰ কোম্পানী লিমিটেডৰ প্ৰসেনজিৎ চৌধুৰী, প্ৰশিক্ষক সমন্বয়ক ৰতন দাস আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট সমল ব্যক্তিয়ে উপস্থিত থাকে। কৰ্মশালাত শতাধিক কৃষকে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in