মুখ্যমন্ত্ৰীলৈ ‘কৰ্মযোগী’, ৰাজহমন্ত্ৰীলৈ ‘কৰ্মৰত্ন’, আনন্দ মিশ্ৰ, সুশান্ত বিশ্বলৈ লাচিত বৰফুকন বঁটা : কৃষক শ্ৰমিক পৰিষদৰ ভিন্নজনলৈ ভিন্ন উপাধি….

মুখ্যমন্ত্ৰীলৈ ‘কৰ্মযোগী’, ৰাজহমন্ত্ৰীলৈ ‘কৰ্মৰত্ন’, আনন্দ মিশ্ৰ, সুশান্ত বিশ্বলৈ লাচিত বৰফুকন বঁটা : কৃষক শ্ৰমিক পৰিষদৰ ভিন্নজনলৈ ভিন্ন উপাধি….

ডিজিটেল সংবাদ গুৱাহাটীঃ বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষৰো ২০২১-২২ বৰ্ষৰ বিশেষ উপাধি আৰু বঁটা ঘোষণা কৰিছে কৃষক-শ্রমিক উন্নয়ন পৰিষদ, অসমে। ৰাজ্যৰ সমাজ জীৱনলৈ অৰিহণা যোগাই অহা ভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তিক এই বৰ্ষৰ বাবে উপাধি প্রদান আৰু বিশেষ বঁটা প্ৰদান কৰিব সংগঠনটোৱে। ইয়াৰ অংশ স্বৰূপে অসমৰ সমাজ, সংস্কৃতি, শিক্ষা আৰু বৌদ্ধিক জগতখনলৈ বিশেষ অৰিহণা যোগাই যোৱা প্রয়াত হোমেন বৰগোহাঞি আৰু সৰস্বতী উপাধিখ্যাত ড° লক্ষ্মীনন্দন বৰালৈ মৰণোত্তৰভাৱে জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰাৰ উপৰিও ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ন আৰু ধাৰাবাহিকভাৱে ৰাজ্যখনলৈ শান্তিৰ বাতাবৰণ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক 'কর্মযোগী' উপাধি প্ৰদান কৰা হ'ব।

সমান্তৰালকৈ ৰাজ্যৰ ৰাজহ (ভূমি) খণ্ডলৈ অভূতপূর্ব পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা ৰাজ্যৰ ৰাজহ মন্ত্ৰী যোগেন মহনক প্ৰদান কৰিব 'কৰ্মৰত্ন' উপাধি। সেইদৰে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বিতাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা কৃষক বন্ধু তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু সমষ্টি উন্নয়নত বিশেষ পদক্ষেপ গ্ৰহণ কৰা নগাঁও সমষ্টিৰ সৰ্বকালৰ সৰ্বশ্রেষ্ঠ জনপ্রতিনিধি ৰূপক শৰ্মাক প্ৰদান কৰিব 'কর্মপ্রাণ' উপাধি।

ইয়াৰ উপৰিও ৰাজ্যখনত সংঘটিত অপৰাধ, দুৰ্নীতি আৰু অপৰাধীসকলৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে সাহস দেখুৱাবলৈ সক্ষম হোৱা ক্ৰমে সুশান্ত বিশ্ব শৰ্মা, আনন্দ মিশ্ৰ, ৰজী কলিতা আৰু কামৰূপ গ্ৰাম্যৰ আৰক্ষী অধীক্ষক হিত্যেৰয়ক ২০২১-২২ বৰ্ষৰ 'বীৰ লাচিত বৰফুকন' বঁটা প্ৰদান কৰাৰ উপৰিও ২০২১-২২ বৰ্ষৰ শ্ৰেষ্ঠ যুৱ উদ্যোগীৰ বঁটা প্ৰদান কৰিব উদ্যোগী যুৱক বিমল বাগৰীক।

আনহাতে, ২০২১-২২ বৰ্ষৰ শ্ৰেষ্ঠ ক্রীড়াবিদ বঁটা অলিম্পিক পদক বিজেতা লাভলীনা বৰগোহাইক আৰু জনপ্রিয় অভিনেতাৰ বঁটা বেহাৰবাৰী আউট পোষ্ট ধাৰাবাহিকত কে কেৰ চৰিত্ৰত অভিনয় কৰি খ্যাত হোৱা সিদ্ধার্থ শৰ্মাক বঁটা প্ৰদান কৰিব সংগঠনটোৱে। ২০২১-২২ বৰ্ষৰ শ্ৰেষ্ঠ যুৱ সাংবাদিকতাৰ বঁটা প্ৰদান কৰিব প্ৰাগ নিউজৰ সাংবাদিক উৎপল বৰা আৰু ND24 সংবাদ গোষ্ঠীৰ যুৱ সাংবাদিক মানস প্রতীম ডেকাক। সংগঠনটোৰ মুখ্য উপদেষ্টা প্রদীপ কলিতা, সভাপতি মুকুল বৰা, কাৰ্যকৰী সভাপতি দেৱজিৎ দাস আৰু সাধাৰণ সম্পাদক উৎপল বৰুৱাই এই বিষয়ে এক সংবাদ মেলৰ জৰিয়তে সদৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in