শেহতীয়া খবৰ
কংগ্ৰেছৰ ৩জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা...  •  অসমত আকৌ ১৯জন কোভিড পজিটিভ, সুস্থ হৈছে ১৭জন...  •  বিধানসভা নিৰ্বাচনঃ অসম-মেঘালয় সীমান্তৱৰ্তী মিৰজুমলাত আৰক্ষীৰ অভিযান...  •  পুনৰ প্ৰাৰ্থিত্ব লাভ কৰি বটদ্ৰৱা সমষ্টিত আঙুৰলতা ডেকাৰ ৰেলী...  •  গৰৈমাৰীত অগপৰ মহিলা শক্তি সমাৰোহত ডাঃ কমলা কলিতা...  •  বনগাঁওৰ সমাজকৰ্মী দুলাল চন্দ্ৰ পালৰ আদ্যশ্ৰাদ্ধ,স্মৃতিচাৰণ সভাত স্মৃতিগ্ৰন্থ উন্মোচন...  •  অসম সাহিত্য সভাৰ 'সৃষ্টিৰ চ'ৰাঘৰ' শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ...  •  প্ৰাৰ্থীত্ব লাভ কৰা পাছত বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাৰ প্ৰচাৰ ৰেলী...  •  তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত বিনামূলীয়া দন্ত চিকিৎসা শিৱিৰ আৰু সজাগতা সভা...  •  জয়ন্তমল্লক সমৰ্থন নকৰে নলবাৰীৰ ক্ষুব্ধ অগপ কৰ্মীয়ে,অতুল-কেশৱ-ফণী-বীৰেনক দগাবাজ আখ্যা

সকলো ঠিকে আছিল, হঠাৎ কি হ’ল কৃষ্ণৰ? চাওক VIDEO

8,149

ডিজিটেল ডেস্কঃ হঠাৎ ওৰাঙত কৃষ্ণ ওৰফে লাডেন নামৰ বনৰীয়া হাতীটোক মৃত্যুক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গোৱালপাৰাৰ ৰংজুলিৰ পৰা ওৰাঙৰ প্ৰশিক্ষণ শিবিৰলৈ স্থানান্তৰ কৰা বনৰীয়া হাতীটোৱে স্বাভাৱিকভাৱেই আহাৰ গ্ৰহণ কৰিছিল। আনকি বিধায়ক পদ্ম হাজৰিকাও গৈ হাতীটোৰ স্বাস্থ্যৰ বুজ লৈছিলগৈ।

কি পৰিস্থিতি হাতীটোৰ মৃত্যু হল সেই সন্দৰ্ভত বন বিভাগে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে বন বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰৰ সৈতে যোগাযোদ কৰাত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে এই বিষয়ে সবিশেষ জানিব পৰা যাব বুলি মন্তব্য কৰে।

ইফালে এই হাতীটোৰ কেনেকৈ মৃত্যু হল সেই সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে বিভিন্ন প্ৰকৃতি সংগঠনে। ওৰাঙৰ প্ৰশিক্ষণ কেন্দ্ৰত হাতীটোৱে খাদ্য আৰু পানী গ্ৰহণ কৰা এটা ভিডিঅ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত আহি পৰিছে। যত দেখা গৈছে হাতীটোৱে আনন্দমনেৰে পানী খাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি