ৰাষ্ট্ৰীয় যুৱ পুৰষ্কাৰ লাভেৰে দেশৰ ভিতৰতে উজলিল কাছাৰৰ কৃষ্ণ মোহন সিংহঃ উত্তৰ-পূৰ্বৰ পৰা একমাত্ৰ নিৰ্বাচিত হৈছিল কৃষ্ণমোহন

ৰাষ্ট্ৰীয় যুৱ পুৰষ্কাৰ লাভেৰে দেশৰ ভিতৰতে উজলিল কাছাৰৰ কৃষ্ণ মোহন সিংহঃ উত্তৰ-পূৰ্বৰ পৰা একমাত্ৰ নিৰ্বাচিত হৈছিল কৃষ্ণমোহন

ডিজিটেল সংবাদ, শিলচৰঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান৷ সাহিত্য চৰ্চা আৰু সমাজৰ প্ৰতি আগবঢ়োৱা বিশেষ অৰিহণাৰ বাবে ২০১৬-১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰষ্কাৰ লাভ কৰিলে কাছাৰ জিলাৰ এজন উদীয়মান যুৱকে৷ লক্ষীপুৰ সমষ্টিৰ ডাবংপুৰ-ছিংডংলেকাই গাৱঁৰ ২৫ বছৰীয়া কৃষ্ণ মোহন সিংহক সোমবাৰে কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰণালয়ে এই পুৰষ্কাৰ প্ৰদান কৰে৷ দেশৰ ৰাজধানী নতুন দিল্লীত সোমবাৰে এই পুৰষ্কাৰ প্ৰদান কৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে৷

সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা দেশৰ ২৫ গৰাকী যুৱকৰ ভিতৰত অসম তথা উঃপুঃৰ পৰা একমাত্ৰ কৃষ্ণ মোহন সিংহই লাভ কৰে এই ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰ৷ সাহিত্য আৰু সমাজ সেৱাৰ বাবে আগবঢ়োৱা বৰঙণিৰ বাবে নিৰ্বাচিত কৰা হৈছিল কৃষ্ণ মোহনক৷ এই পুৰস্কাৰ পোৱা বাবে অসম সহ উঃ পূববাসীক ধন্যবাদ জনাইছে কৃষ্ণ মোহনে৷

উল্লেখ্য যে, স্নাতক উত্তীৰ্ণ অতি দুখীয়া পৰিয়ালৰ কৃষ্ণ মোহনে ছাত্ৰৱস্হাৰ পৰাই সমাজ সেৱাৰ কামত ব্ৰতী হয়৷ বিশেষকৈ, নিৰক্ষৰ লোক সকলক স্বাক্ষৰতা দিয়া, ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি সমাজৰ যুৱ চামক এই মাৰাত্মক ব্যাধি বিধৰ পৰা ৰক্ষা কৰা আদি কাৰ্যত নিজকে নিয়োজিত কৰি আহিছে৷ তদুপৰি বাল্য বিবাহ, ডাইনী, কু-সংস্কাৰ আদি সমাজৰ পৰা বিলুপ্ত কৰাৰ লগতে সমাজৰ নিৰ্যাতিত, বঞ্চিত লোকসকলক তেওঁলোকৰ অধিকাৰ সন্দৰ্ভত সজাগ কৰা আদি বিষয়ৰ ওপৰত গাৱেঁ গাৱেঁ গৈ প্ৰচাৰ চলাই আহিছে উদীয়মান যুৱকজনে৷

ইফালে পিচপৰা চাহ জনগোষ্ঠী সকলৰ উন্নয়ণৰ ক্ষেত্ৰত তেওঁলোকক সজাগ কৰা কামো কৰি আহিছে কৃষ্ণ মোহন সিংহই৷ বিভিন্ন সমাজ সেৱাৰ লগত জড়িত থকা এইগৰাকী যুৱকে ২০১৫ চনত মনিপুৰী ভাষাত "কেল্লাবা উনাগী ঈশৈ" নামৰ এখন গ্ৰন্থও ৰচনা কৰিছে৷ সমাজ সেৱাৰ জৰিয়তে নিজকে দেশবাসীৰ আগত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি ভাৰত চৰকাৰৰ যুৱ পুৰষ্কাৰ লাভ কৰা কৃষ্ণ মোহন সিংহক অভিনন্দন জনাইছে ৰাজ্যবাসীয়ে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in