স্বৰ্গৰ পৰা দেৱী আহি প্ৰচাৰ কৰিলেও ৰক্ষা কৰিব নোৱাৰিব বিজেপিকঃ ৰূপজ্যোতি কুৰ্মী

স্বৰ্গৰ পৰা দেৱী আহি প্ৰচাৰ কৰিলেও ৰক্ষা কৰিব নোৱাৰিব বিজেপিকঃ ৰূপজ্যোতি কুৰ্মী

ডিজিটেল সংবাদ, কামপুৰঃ বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীৰ শগুনবাহীৰ চাহ বাগিছা এলেকাত ৰাজ্যৰ শক্তিশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভা। বাগিছাৰ লোকসকলক আৰ্কষণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সন্তানসম্ভৱা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লোভনীয় আঁচনিৰ ঘোষণা কৰে। মন্ত্ৰী হিমন্ত বিশ্বই শগুনবাহীৰ সভাত ব্যস্ত থকাৰ সময়তে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ হৈ বঢ়মপুৰ সমষ্টিৰ বিভিন্ন চাহ বাগান এলেকাত নিৰ্বাচনী প্ৰচাৰ চলাই আছিল বিধায়ক ৰূপ জ্যোতি কুৰ্মীয়ে। তাৰপাছত সাংবাদিকৰ আগত হিমন্তৰ বক্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কগৰাকীয়ে।

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ মংগলবাৰে বিয়লি অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। সেয়ে অন্তিম প্ৰচাৰত ব্যস্ত স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নগাঁৱৰ কন্দলী শগুনবাহী চাহ বাগিছাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ বাগানৰ শ্ৰমিক সকলৰ আগতো পূৰণি প্ৰতিশ্ৰুতিবোৰেই ব্যক্ত কৰে হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে বাগিছাৰ বিদ্যালয়ত পুৱা ছাত্ৰ-ছাত্ৰী সকল উপস্থিত হোৱাৰ লগে লগে শিক্ষা বিভাগে দিব কল আৰু আপেল, দুপৰীয়া আহাৰ আৰু ছুটীৰ সময়ত গাখীৰ আৰু বিস্কুট খোৱাই বিদায় দিয়াৰ লগতে চাহ বাগিচাৰ প্ৰতিগৰাকী সন্তানসম্ভৱা মহিলাক ১২ হাজাৰকৈ টকা দিয়াৰ ঘোষনা হিমন্ত বিন্ব শৰ্মাৰ।

হিমন্ত বিশ্ব শৰ্মাৰ এই সভাৰ পিছতে সাংবাদিকৰ আগত তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিধায়কগৰাকীয়ে কয়- 'তেওঁ স্বৰ্গৰ পৰা দেৱী আহি প্ৰচাৰ কৰিলেও ৰক্ষা কৰিব নোৱাৰিব বিজেপিক, ৰাৱণৰ দৰে দশা হ'ব হিমন্তৰ।' লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা নাইকীয়া হোৱা বুলিও তেওঁ মন্তব্য কৰে।

বিধায়ক জনে হিমন্ত বিশ্ব শৰ্মাক 'জ'কাৰ' আখ্যা দিয়ে। নগাঁও সমষ্টিৰ পৰা প্ৰদ্যুত বৰদলৈ বিপুল ভোটত জয়ী হ'ব বুলি কয় বিধায়ক জনে। তেওঁ চাহ বাগিছা এলেকাৰ শ্ৰমিকক চৰকাৰে মজুৰী বৃদ্ধি কৰা কথা কৈ প্ৰতাৰণা কৰা বুলি কয়। বিধায়ক কুৰ্মীয়ে বি জে পি দলক তীব্ৰ কটাক্ষ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in