কস্তুৰী শিশু গৃহত আজাদী কা অমৃত মহোৎসৱৰ সামৰণী অনুষ্ঠান..

কস্তুৰী শিশু গৃহত আজাদী কা অমৃত মহোৎসৱৰ সামৰণী অনুষ্ঠান..

ডিজিটেল সংবাদ মঙলদৈঃ সমাজৰ অৱহেলিত, ঠিকনা বিহিন , শিশু সকলৰ হকে বছৰ বছৰ ধৰি কাম কৰি অহা মঙলদৈৰ এটি বেচৰকাৰী সেস্বাসেৱী অনুস্থান কস্তুৰী শিশু গৃহ। এই কস্তুৰী শিশু গৃহই ১৪ নৱেম্বৰৰ পৰা উদযাপন কৰা আজাদী কা অমৃত মহোৎসৱৰ সামৰণি অনুষ্ঠান সোমবাৰে নিজা গৃহত অনুষ্ঠিত কৰে। আজাদী কা অমৃত মহোৎসৱৰ সামৰণী অনুষ্ঠানৰ শিশুৰ সুৰক্ষা আৰু অধিকাৰৰ ওপৰত আয়োজন কৰা সভাখনৰ বন্তি জ্বলাই শুভাৰম্ভ কৰে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই।

শৰ্মাই সভাৰ শুভাৰম্ভণি অনুষ্ঠানৰ বক্তব্যত এই শিশু গৃহই বৰ্তমান কৰি তথা কামৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰি গৃহতিয়ে আৰু আগবাঢ়ি যোৱাৰ কামনা কৰে। লগতে এই গৃহৰ লগত জড়িত প্ৰত্যিকগৰাকী ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰে। সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি ন্যায়িক বিষয়া, দৰং জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব পম্পী চক্ৰৱৰ্ত্তীয়ে সভাত শিশু সকলৰ ক্ষেত্ৰত আইনী সাহায্য সম্পৰ্কে বক্তব্য আগবঢ়ায়।

এই সভাতেই জিলা খনৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ পত্নী তথা সমাজকৰ্মী মধুমিতা শৰ্মাই শিশু সকলৰ ব্যৱহাৰৰ বাবে ২৮ খন বিচনা চাদৰ আগবঢ়ায়। ইয়াৰ উপৰিও এই সামৰণী অনুষ্ঠানত অংশগ্রহণ কৰে জিলা শ্ৰম বিষয়া গৌৰাংগ লাল দাস, চিকিৎসক ডা:মুনীন মেধি, মেডিকেল অফিচাৰ ডা: নিৰ্মল বেৰিয়া, জনশিক্ষণ কেন্দ্র সঞ্চালক শ্বেখ আমিন, সমাজকৰ্মী শেখৰ মজুমদাৰ, মানসিক স্বাস্থ্য বিভাগৰ প্ৰাঞ্জল ঠাকুৰীয়া, দুলাল ডেকা, মহিলা শক্তি কেন্দ্র ৰ বিষয়া মৌচুমী কলিতা, দৰং জিলা মহিলা সমিতি, এনি ভূঞা , সখীৰ সমন্বয়ক চাহিন চুলতানা। সভাৰ অন্তত কস্তুৰী শিশু গৃহৰ পৰিচালক অধীক্ষক ৰশ্মিৰেখা শৰ্মাই অনুস্থানত উপস্থিত থকা সকলো ব্যক্তিলৈ আন্তৰিক অভিনন্দন ও ধন্যবাদ জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in