কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ…

কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ কোৰোনাৰ আতংক আৰু লকডাউনৰ মাজতে নগাঁও জিলাৰ ইটাচালী নগৰ আৰক্ষী চকীৰ অন্তৰ্গত কৰৈয়নী বামুণ গাৱঁত সংঘটিত হয় এক নৃশংস ঘটনা।এগৰাকী অচিনাকি মহিলাক কাগজৰ কাৰ্টনেৰে জ্বলাই দিয়ে কোনো দুৰ্বৃত্তই।

নিশাই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা আৰক্ষীয়ে।অৱশ্যে আজি বিয়লিহে ঘটনাটো পোহৰলৈ আহে।জানিব পৰামতে কৰৈয়নী বামুনগাঁৱৰ পথাৰত আজি বিয়লি উদ্ধাৰ হয় এগৰাকী মহিলাৰ অৰ্দ্ধদগ্ধ মৃতদেহ ৷

বিয়লি গৰু আনিবলৈ গৈ স্থানীয় এজন লোকে মৃতদেহটো প্ৰত্যক্ষ কৰে। মহিলা গৰাকী শাৰী পৰিহিতা আছিল।পিছত স্থানীয় ৰাইজৰ পৰা পোৱা খবৰৰ ভিত্তিত কৰৈয়নী বামুণগাঁও পথাৰৰ ঘটনাস্থলীত নগাঁওৰ আৰক্ষী উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে ।

অচিনাক্ত মহিলা গৰাকীৰ অৰ্দ্ধদগ্ধ মৃতদেহ উদ্ধাৰকলৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ 'লক ডাউন'ৰ পৰিপ্ৰেক্ষিতত সান্ধ্য আইন বলবৎ থকাৰ পিছতো কেনেদৰে দুৰ্বৃত্তই মহিলাগৰাকীক পথাৰলৈ নি জ্বলাই দিলে তাকলৈ ৰহস্যৰ সৃষ্টি হৈছে ।
নিপুল বৰা উৰিয়া গাঁও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in