চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিজ্ঞা, “জনজাতিকৰণ নকৰালৈকে ক্ষান্ত নহয় কোচ-ৰাজবংশীসকল”… চাওক VIDEO

চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিজ্ঞা, “জনজাতিকৰণ নকৰালৈকে ক্ষান্ত নহয় কোচ-ৰাজবংশীসকল”… চাওক VIDEO

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ সন্মূখত এইবাৰ প্ৰতিজ্ঞা কৰিলে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে। কোচ-ৰাজবংশীসকলক জনজাতিকৰণ নকৰালৈকে ক্ষান্ত নোহোৱাৰ হুংকাৰ কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ৷

মঙলবাৰে অভয়াপুৰীত কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা ৫০৯ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱসত এই কথা প্ৰকাশ কৰে সভাপতি অতুল ৰায়ে৷ উল্লেখ্য যে, মঙলবাৰে পুৱা চিলাৰায় দিৱসৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি কমল সৰকাৰে৷

কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি অতুল ৰায়ে৷ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাপন কৰে বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে৷ এই অনুষ্ঠানত প্ৰাক্তন আক্ৰাছু নেতা তথা নৰনাৰায়ণ শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ সম্পাদক, কমতাপুৰ টেৰিটৰিয়েল কাউন্সিলৰ নৱ নিৰ্বাচিত সভাপতি প্ৰণৱ জ্যোতি দাস ৰাজবংশীও উপস্থিত থাকে।

চিলাৰায় দিৱস উপলক্ষে দুপৰীয়া মুকলি সভাৰ লগতে নিশা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে আয়োজক সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in