পাকিস্তানে ৭০ বছৰে কৰিব নোৱাৰা কাম মোডীয়ে ৪ বছৰত কৰিলে…

পাকিস্তানে ৭০ বছৰে কৰিব নোৱাৰা কাম মোডীয়ে ৪ বছৰত কৰিলে…

ডিজিটেল ডেস্কঃ শনিবাৰে পশ্চিম বংগত মমতা বেনাৰ্জীয়ে আয়োজন কৰা সংযুক্ত বিৰোধী ৰেলীত দেশৰ প্ৰায় সংখ্যক বিৰোধী নেতা একলগ হোৱা দেখা গ'ল। কলকতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গাউণ্ডত অনুষ্ঠিত হোৱা এই ৰেলীত প্ৰতিজন বিৰোধী নেতাই শাসকীয় বিজেপি চৰকাৰ আৰু দলক সমালোচনাৰে থকা-সৰকা কৰা দেখা গ'ল।

বিৰোধীৰ এই অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও অংশ লৈছিল। আপৰ নেতাজনে অনুষ্ঠানত নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহক সমালোচনা কৰি কয় যে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে বিগত ৪ বছৰত সেই কাম কৰিলে যি কাম পাকিস্তানে ৭০ বছৰে কৰিব পৰা নাই। এই দুজন ব্যক্তিয়ে দেশখনক ভাগ-ভাগ কৰি যি বিষবাষ্প বিয়পাইছে তেনে কাম পাকিস্তানেও আজিকোপতি কৰা নাই। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় ' এই দুজন ব্যক্তিক যদি ২০১৯ চনত আকৌ শাসনৰ গাদীত বহুৱা হয় তেনেহলে দেশত আৰু অধিক অৰাজকতাই বিৰাজ কৰিব।'

সমগ্ৰ দেশৰ বিৰোধী নেতা সকল একত্ৰিত হোৱা এই সমাৱেশত কেজৰিৱালে লগতে কয় ' ২০১৯ ৰ নিৰ্বাচন মোডী আৰু শ্বাহক শাসনৰ গাদীৰ পৰা খেদোৱাৰ নিৰ্বাচন। যি সকল লোকে নিজৰ দেশক ভাল পায় তেওলোকে আজিয়েই মোডী-শ্বাহক খেদোৱাৰ প্ৰতিশ্ৰুতি লওক। আপোনালোকে এটা কথা মনত ৰাখক মোডী-শ্বাহক খেদালেহে দেশত আহিব অচ্ছে দিন।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in