শুকুৰবাৰে শ্বিলঙত ৰাজীৱ কুমাৰৰ লগতে তৃণমূলৰ প্ৰাক্তন সাংসদকো জেৰা চিবিআইৰ…

শুকুৰবাৰে শ্বিলঙত ৰাজীৱ কুমাৰৰ লগতে তৃণমূলৰ প্ৰাক্তন সাংসদকো জেৰা চিবিআইৰ…

ডিজিটেল ডেস্কঃ চিট ফাণ্ড কেলেংকাৰী সন্দৰ্ভত কলকাতা আৰক্ষী অধীক্ষক ৰাজীৱ কুমাৰক সোধপোছ কৰিব ৫গৰাকী চিবিআই বিষয়াই। একে সময়তে তৃণমূলৰ প্ৰাক্তন সাংসদ কুনাল ঘোষক শুকুৰবাৰে পুনৰ তলৱ কৰা হয়। প্ৰাক্তন সাংসদগৰাকীক কৰাৰ লগতে দিল্লী চিবিআই কাৰ্যালয়ৰ ১০গৰাকী বিষয়া শুকুৰবাৰে কলকাতালৈ ৰাওনা হ'ব। বিষয়া কেইগৰাকীয়ে সাৰদা আৰু ৰোজভেলীৰ লগতে অন্য চিট ফাণ্ড কেলেংকাৰীৰ তদন্ততো সহযোগ কৰিব।

আৰক্ষী উপায়ুক্তগৰাকীক দিল্লী বা কলকাতাত সোধপোছ কৰা নহয় যদিও, শ্বিলঙত তেওঁৰ সৈতে সোধপোছ কৰা হ'ব। বৃহস্পতিবাৰে এছ জি অ' কমপ্লেক্সত চিবিআইৰ পূৰ্বাঞ্চলীয় বিষয়া পংকজ শ্ৰীবাস্তৱৰ নেতৃত্বত চিবিআই বিষয়াসকলৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিভিন্ন তথ্য আৰু নথিপত্ৰৰ ওপৰত চৰ্চা হয়। তাৰ পাছত কুনাল ঘোষক পুনৰ সোধপোছ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি ঘোষক লৈ মাতি পঠিওৱা হয়। ইফালে, আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ ক্ষেত্ৰত কুনাল ঘোষে পূৰ্বতে দিয়া সাক্ষীৰ সৈতে পুনৰ তদন্ত কৰা হ'ব।

আনহাতে, চিবিআই-য়ে চিট ফাণ্ড কেলেংকাৰীত সন্ধান নোপোৱা তথ্যৰ বোৰৰ বিষয়ে আৰু অধিক জানিবৰ বাবে এই সোধপোছ কৰা হ'ব। ৰাজীৱ কুমাৰক সোধপোছ কৰিব পূৰ্বাঞ্চলৰ নিৰ্দেশক, ডিএছপি, এছপি বি পি সিং সহ দুজন অতিৰিক্ত এছ পি বিষয়া। সম্ভৱত কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক ১০ অথবা ১১ ফেব্ৰুৱাৰীত  শ্বিলঙত  সোধপোছ কৰা হ'ব এই বিষয়টো সন্দৰ্ভত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in