শেহতীয়া খবৰ
উত্তৰ পূূূব দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ১২ দোষীক যাৱজ্জীৱন কাৰাদণ্ড...  •  সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক  •  ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…

প্ৰথমবাৰৰ বাবে দেশত নদীৰ তলত চলিব ৰে’ল, মন্ত্ৰী পীয়ুষ গোৱেলৰ টুইট… চাওঁক VIDEO

655

ডিজিটেল ডেস্কঃ আধুনিক তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িবলৈ সাজু হৈছে ভাৰত। কিয়নো দেশত প্ৰথমবাৰৰ বাবে কোনো নদীৰ তলত চলিব মেট্ৰ’ ৰেল। কলকাতাৰ হুগলী নদীৰ তলেৰে পাৰ হ’ব মেট্ৰ’ ৰেল। এই মেট্ৰ’ ৰেলখনত উঠিবলৈ দেশবাসীয় বহু সময় অপেক্ষা কৰাৰো প্ৰয়োজন নাই। জানিব পৰা মতে, এই পানীৰ তলেৰে মেট্ৰ’ চলোৱাৰ কাম-কাজ প্ৰায় সম্পূৰ্ণ হৈছে।

নদীখনৰ জলপৃষ্ঠৰ পৰা প্ৰায় ৩০ মিটাৰ তলত এটা ৫২০ মিটাৰ দীঘল সুৰংগৰে পাৰ হৈ যাব এই ৰেলখন। মাত্ৰ ৬০ ছেকেণ্ডতে এই সুৰংগটো অতিক্ৰম কৰিব মেট্ৰ’ ৰেলখনে। কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুষ গোৱেলে এটা ভিডিঅ’ টুইট কৰি জনাইছে যে, শীঘ্ৰে পানীৰ তলেৰে চলিব মেট্ৰ’ ৰেল।

কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীয়ে টুইটটোত লিখিছে- ‘ভাৰতত প্ৰথমবাৰৰ বাবে পানীৰ তলেৰে চলিব ৰে’ল। কলকাতাৰ হুগলী নদীৰ তলেৰে হ’ব ৰেলৰ চলাচল। এয়া দেশৰ উন্নতিৰ উদাহৰণ। এই ৰেলৰ যাত্ৰা আৰম্ভ হোৱাৰ পাছত কলকাতাবাসীয় বহু সুবিধা লাভ কৰিব আৰু দেশবাসীৰ বাবে হ’ব এয়া গৌৰৱৰ কথা।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি