কলকাতাত ৫ মহলীয়া অট্টালিকাত অগ্নিকাণ্ড, ১২ বছৰীয়া কিশোৰসহ বৃদ্ধাৰ মৃত্যু…

কলকাতাত ৫ মহলীয়া অট্টালিকাত অগ্নিকাণ্ড, ১২ বছৰীয়া কিশোৰসহ বৃদ্ধাৰ মৃত্যু…

ডিজিটেল ডেস্কঃ কলকাতাৰ গণেশ চন্দ্ৰ এভেন্যুত শুকুৰবাৰে নিশা ৫ মহলীয়া এটা অট্টালিকাত সংঘটিত হয় অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছে ১২ বছৰীয়া এটি কিশোৰসহ দুজন লোকে। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰিছে জুই।

অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই সাংবাদিকৰ আগত কয় যে, এই অগ্নিকাণ্ডত এটি ১২ বছৰীয়া কিশোৰ আৰু এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছে। লগতে তেওঁ জনাই যে, কিশোৰটিয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ অট্টালিকাটোৰ পৰা জঁপিয়াই দিয়াৰ ফলত মৃত্যু হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in