কলিয়াভোমোৰাৰ পৰা ৰেলিং ভাঙি বৰলুইতত পৰিছিল ১০ চকীয়া ট্ৰাক

কলিয়াভোমোৰাৰ পৰা ৰেলিং ভাঙি বৰলুইতত পৰিছিল ১০ চকীয়া ট্ৰাক

ডিজিটেল ডেস্কঃ কলিয়াভোমোৰা দলঙৰ পৰা ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰৰ বুকুত পৰা ট্ৰাকখন আছিল শোণিতপুৰৰে। ট্ৰাকখনৰ নম্বৰ এন এল ০১ কে ৩৫৫৩। ১০ চকীয়া আছিল এই ট্ৰাকখন। উল্লেখযোগ্য যে, সোমবাৰে সংঘটিত হৈছিল এই দুৰ্ঘটনা। জানিব পৰা মতে ট্ৰাকখনত আছিল চালক আৰু হেণ্ডিমেন।

এতিয়ালৈকে চালক আৰু হেণ্ডিমেনৰ সন্ধানপোৱা নাই উদ্ধাৰকাৰী দলে। ট্ৰাকখন উদ্ধাৰ কৰাৰ পাছত উদ্ধাৰকাৰী দলে চালক, হেণ্ডিমেনৰ সন্ধান অব্যাহত ৰাখিছে। এই দুৰ্ঘটনাৰ পিছতেই কলিভোমোৰা দলঙত নিয়োজিত আৰক্ষী, নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

নিয়ম অনুসৰি দলঙখনত চি চি টিভি কেমেৰা থাকিব লাগে। আনহাতে ৩০ জনৰো অধিক বেটেলিয়ন আৰু শোণিতপুৰ আৰক্ষী এটা দলো এই দলঙখনৰ নিৰাপত্তাত নিয়োজিত কৰা আছে। অভিযোগ অনুসৰি নিয়মীয়া আৰু ২৪ ঘণ্টাই দলঙখনত দুই মূৰৰ পৰা দুটা দলে তহল দিব লাগে যদিও দীৰ্ঘদিন ধৰি তেনে তহলৰ ব্যৱস্থা নাছিল দলঙখনত।

দলঙখনত নিয়োজিত আৰক্ষীয়ে দুই মূৰে অৱস্থানলৈ ট্ৰাক আৰু আন সামগ্ৰী পৰিবাহী বাহনৰ পৰা নিয়মীয়াকৈ ধন সংগ্ৰহ কৰাহে নজিৰ আছে। এই দুৰ্ঘটনাৰ পাছত স্থানীয় লোকেও দলঙখনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ দৈবী উত্থাপন কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in