কলিয়াবৰৰ কৃতী শিক্ষক হেম হাজৰিকাৰ পৰলোকপ্ৰাপ্তি…

কলিয়াবৰৰ কৃতী শিক্ষক হেম হাজৰিকাৰ পৰলোকপ্ৰাপ্তি…

ডিজিটেল সংবাদ, কলিয়াবৰ: কলিয়াবৰ মহকুমাৰ সোনাৰি গাঁও নিবাসী তথা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক হেম হাজৰিকা (৭৮)ৰ বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ৷বৃটিছ যুগৰ স্বাক্ষৰ বহনকাৰী নগাঁও জিলাৰ শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্কাউট-গাইডৰ শক্তিশালী ভেটি স্থাপন কৰা ইংৰাজী শিক্ষক হেম হাজৰিকাই ২০০৬ বৰ্ষত শিক্ষানুষ্ঠানখনৰ পৰা অৱসৰ গ্ৰহণ কৰে যদিও বিদ্যালয়খনৰ প্ৰতি থকা তেঁওৰ অদম্য শ্ৰদ্ধা আৰু আন্তৰিকতাৰ বাবেই অৱসৰৰ পিছটো তেওঁ বিনা পাৰিশ্ৰমিকত আহি ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰিছিল৷

শিক্ষাদান কাৰ্যত অতি কঠোৰ শিক্ষাগুৰু হেম হাজৰিকা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবেই আছিল অভিভাৱক স্বৰূপ ৷ নিয়মানুবৰ্তিতা আৰু শৃংখলাবদ্ধতাৰ চানেকি এৰি থৈ যোৱা হেম হাজৰিকা আন আন শিক্ষক-শিক্ষয়িত্ৰীৰ বাবেও গঢ়ি তুলিছিল অনুকৰণীয় আদৰ্শ ৷ অতি স্পষ্টবাদী শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে বিদ্যালয় চৌহদত জেওৰা-যপনা দিয়া, শ্ৰেণী কোঠা পৰিষ্কৰণ আদিৰে শিক্ষাৰ্থী সকলৰ দক্ষতা বৃদ্ধিত অধিক গুৰুত্ব প্ৰদান কৰিছিল ৷ এগৰাকী পৰিশ্ৰমী কৃষক ৰূপেও কৃতী শিক্ষক হেম হাজৰিকাৰ বৃহত্তৰ অঞ্চলটোত আছিল আন এক পৰিচয় ৷ উন্নত জাতৰ গৰু পালন,নেমু বাগান স্থাপন,বিভিন্ন কৃষি কাৰ্যৰে শিক্ষক গৰাকীয়ে শিক্ষিত নিবনুৱা সকলৰ বাবে এৰি থৈ গৈছে স্বাৱলম্বীতাৰ অনুকৰণীয় নিদৰ্শন ৷

শিলঘাট স্থিত কন্যাকাশ্ৰম কনিষ্ঠ মহাবিদ্যালয়ত ইংৰাজী বিষয়ৰ শিক্ষক ৰূপে কেইবামাহো কাৰ্যনিৰ্বাহ কৰা অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক হেম হাজৰিকাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বৃহস্পতিবাৰৰ পুৱাৰে পৰা অগণন গুণমুগ্ধই অন্তিম শ্ৰদ্ধা নিবেদন কৰিবলৈ তেঁওৰ বাসগৃহত উপস্থিত হয়হি ৷ সহধৰ্মিনী সহ দুগৰাকী কন্যা আৰু দুজন পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ যোৱা কৃতী শিক্ষক গৰাকীৰ মৃত্যুত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীবৃন্দ, কন্যাকাশ্ৰম কনিষ্ঠ মহাবিদ্যালয়, ৰেইনব' ইয়ুথ ক্লাব সোনাৰিগাঁও, বিদ্যালয়খনৰ ১৯৯৫ আৰু ২০০২ চনৰ উচ্চ মাধ্যমিক পৰীক্ষাত অবতীৰ্ণ শিক্ষাৰ্থীৰ দল, কলিয়াবৰ প্ৰেছ ক্লাৱ,কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মা প্ৰমুখ্য বিভিন্ন ব্যক্তি-অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in