কলিয়াবৰত ভোটাৰ সজাগতা সম্পৰ্কে বিভিন্ন বিভাগৰ বিষয়াৰ লগত মহকুমা প্ৰশাসনৰ বৈঠক…

কলিয়াবৰত ভোটাৰ সজাগতা সম্পৰ্কে বিভিন্ন বিভাগৰ বিষয়াৰ লগত মহকুমা প্ৰশাসনৰ বৈঠক…

ডিজিটেল সংবাদ কলিয়াবৰ: নিৰ্বাচনী প্ৰক্ৰিয়াত ভোটাৰৰ সকলো ক্ষেত্ৰত অংশগ্ৰহণৰ জৰিয়তে প্ৰতিনিধি নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ অৰ্থে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে বিভিন্ন বিভাগৰ বিষয়াৰ লগত সোমবাৰে কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সভাগৃহত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত মহকুমা নিৰ্বাচনী বিষয়াৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসিঞ্চন বিভাগ, শিক্ষা বিভাগ, বন বিভাগ, উদ্যোগ আৰু বাণিজ্য, লোক নিৰ্মাণ বিভাগ, আৰক্ষী, সমাজ কল্যাণ, কৃষি, ডাক সেৱা, বিদ্যুৎ বিভাগকে প্ৰমুখ্য কৰি সংবাদ মাধ্যম আৰু চৰকাৰী প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে ভোটদানৰ সজাগতা সৃষ্টি সম্পৰ্কত বিতং আলোচনা হয়।

এই আলোচনাৰ জৰিয়তে ভোটাধিকাৰ লাভ কৰা প্ৰত্যেকগৰাকী ভোটাৰে যাতে গণতান্ত্ৰিক ব্যৱস্থাৰ অন্যতম প্ৰধান ভোটদান কাৰ্য্যৰ জৰিয়তে নিজৰ অধিকাৰ সাব্যস্ত কি দৰে কৰিব পাৰিব সেই সম্পৰ্কে পৰ্যালোচনা কৰে। বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৰ্ন্তভাগত দূৰ্গম এলেকাত কৰ্তব্যৰত বনৰক্ষী সকলৰ লগতে আৰক্ষীৰ লোক সকলে যথাসময়ত কৰ্তব্যৰ দাগিদাত ভোটদানৰ প্ৰতি বঞ্চিত তথা গনতান্ত্ৰিক এই প্ৰক্ৰিয়াৰ প্ৰতি সততে অনিচ্ছা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়৷তেনেক্ষেত্ৰত এনে সমূহ দিশ পৰ্যালোচনা কৰি তেনেবোৰ ক্ষেত্ৰত যথোপযুক্ত পদক্ষেপ গ্ৰহনৰে এইসকল ভোটাৰক এখন সুস্থ সবল গনতন্ত্ৰ গঢ় দিয়াত আত্মনিয়োগ কৰাৰ ক্ষেত্ৰত সভাত গুৰুত্বপ্ৰদান কৰা হয় ৷


ইয়াৰোপৰি সভাত প্ৰতিটো বিভাগৰ পৰামৰ্শ অনুসৰি আন আন ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবেও পদক্ষেপ গ্ৰহণ সম্পৰ্কেও আলোচনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in