কলিয়াবৰত চোৰাং কাঠ জব্দঃ বাতৰি সংগ্ৰহ কৰা সাংবাদিকৰ বাহনত আক্ৰমণ
কলিয়াবৰত চোৰাং কাঠ জব্দঃ বাতৰি সংগ্ৰহ কৰা সাংবাদিকৰ বাহনত আক্ৰমণ
ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰত বুধবাৰে নিশা শিলঘাট আৰু জখলাবন্ধা খণ্ডৰ বন বিভাগে চোৰাং কাঠ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং ভাবে সৰবৰাহ কৰা কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷কলিয়াবৰৰ জয়ন্তীপুৰৰ এঘৰৰ চোতালতে বাহনৰ পৰা চোৰাং কাঠ পেলাই উধাও হোৱাৰ পাছতেই কলিয়াবৰৰ বন বিভাগে জব্দ কৰে বৃহৎ পৰিমানৰ চোৰাং কাঠখিনি।
এই খবৰ লাভ কৰাত বাতৰি সংগ্ৰহণৰ বাবে যোৱা সাংবাদিকৰ বাহন ক্ষতি সাধন কৰে চোৰাং কাঠৰ লগত জড়িত নজ সম্পদ লুণ্ঠনৰ মাফিয়াই।চোৰাং কাঠৰ ভিজুৱেল সংগ্ৰহ কৰি থকাৰ সময়তে আন্ধাৰৰ সুযোগত পথৰ কাষত ৰখাই থোৱা বাহনলৈ শিলগুটি নিক্ষেপ কৰি ক্ষতি সাধন কৰে সাংবাদিকৰ বাহন । এই ঘটনা সন্দৰ্ভত কলিয়াবৰ আৰক্ষীক অবগত কৰিছে সাংবাদিকে ।
ক্লিক কৰি পঢ়কঃ ১০ মাহত ৪৩ বাৰ কোৰোনাত আক্ৰন্ত এজন ব্যক্তি
উল্লেখযোগ্য যে চোৰাং কাঠখিনি কলিয়াবৰৰ লাঙিগাঁৱৰ নুৰ আলি নামৰ ব্যক্তি এজনে সৰবৰাহ কৰিছিল বুলি এক সুত্ৰত জানিব পৰা গৈছে ।বিতৰ্কিত নুৰ আলি নামৰ চোৰাং কাঠৰ মাফিয়াটোৰ চোৰাং কাঠ ভৰ্ত্তি কেইবাখনো বাহন বাগৰি আৰু কলিয়াবৰৰ বন বিভাগে জব্দ কৰিছে পূৰ্বতে । অতি সোনকালে এই ঘটনাৰ লগত জড়িত সকলক গ্ৰেপ্তাৰৰ দাবী জনাইছে সচেতন মহলে ।জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় ডেৰ লক্ষাধিক টকা । এখন ৪০৭ বাহন আৰু আন এখন বাহনৰ দ্বাৰাহে জব্দকৃত কাঠখিনি শিলঘাট খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ নিবলৈ সক্ষম হয় বন বিভাগ ।
উল্লেখ্য যে,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিন দিশৰ কাৰ্বি পাহাৰৰ পৰা সৰবৰাহ কৰি অনা কাঠখিনি বাগৰি বন বিভাগ, বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় আৰু জখলাবন্ধা খণ্ড বন বিষয়াৰ কাৰ্যালয় সন্মুখেৰে বন মাফিয়াই কিদৰে চোৰাং কাঠৰ গাড়ী সমূহ গন্তব্য স্থানলৈ ৰাওনা কৰে সেই কথা সৰ্বজনবিদিত । কালিৰ ঘটনাৰ সন্দৰ্ভত কলিয়াবৰ আৰক্ষীয়ে নুৰ আলিক বিচাৰি অভিযান চলাইছে যদিও পলাতক হৈ আছে নুৰ ।