ম’বাইল বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা অসম আৰক্ষীৰ জোৱানৰ…

ম’বাইল বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা অসম আৰক্ষীৰ জোৱানৰ…

ডিজিটেল সংবাদ, কলিয়াবৰঃ মোবাইল ফোন বিস্ফোৰণ হৈ কথমপি প্ৰাণ ৰক্ষা অসম পুলিচৰ ৰেঞ্জাৰ গ্ৰুপৰ এজন জোৱানৰ। ঘটনাটো সংঘটিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত নিয়োজিত অসম পুলিচৰ ৰেঞ্জাৰ গ্ৰুপৰ বুঢ়াপাহাৰৰ সমীপত থকা এটা শিবিৰত। বিকাশ ডেকা নামৰ জোৱানজনে শনিবাৰে এম আই কোম্পানীৰ মোবাইলটো চাৰ্জ দিবলৈ প্ৰস্তুতি চলাওতেই বিস্ফোৰিত হয় । ফলত জোৱানজনৰ ভৰিত আঘাটপ্ৰাপ্ত হয় ৷

ইফালে, বিস্ফোৰণৰ ফলত পলকতে কোঠাটোত জুই জ্বলি উঠে। তৎপৰতাৰে জুই নিৰ্বাপিত কৰে জোৱানজনে। লক্ষ্যণীয় যে, ফোন কৰি থকাৰ সময়ত যদিহে ম'বাইলটো বিস্ফোৰিত হ'ল হয় তেতিয়া হ'লে ভয়ংকৰ বিপদ হোৱাৰ আশংকা কৰিছে প্ৰকাশ কৰিছে জোৱানজনে। সেয়েহে মোবাইল ব‍্যৱহাৰ কৰোতে সচেতন হওঁক। অনলাইন ক্লাছৰ সময়ত কণ কণ শিশু সকলক মোবাইল ব‍্যৱহাৰ কৰিবলৈ দিয়াৰ সময়ত সাবধান হওঁক অভিভাৱক সকল । অন্যথা যিকোনো সময়তে অনাকাংক্ষিত বিপদে হাত বাউলি মাতিব পাৰে আপোনাৰ লগতে সন্তানটিকো৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in