কলিয়াবৰ শিলঘাটত মহাবাহুৰ সংহাৰী ৰূপ…

কলিয়াবৰ শিলঘাটত মহাবাহুৰ সংহাৰী ৰূপ…

ডিজিটেল সংবাদ, কলিয়াবৰ: কলিয়াবৰৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া অব্যাহত থকাৰ বিপৰীতে খহনীয়া ৰোধৰ নামত কোটি কোটি টকা জলসম্পদ বিভাগে সৰাধ কৰাৰ পাং পাতিছে বুলি অভিযোগ উত্থাপন হৈছে। বিভাগীয় হেমাহিত শিলঘাটত পানীত পৰাৰ উপক্ৰম হৈছে খহনীয়া ৰোধৰ বাবে ধাৰ্য কৰা প্ৰায় ৭ কোটি টকীয়া আঁচনি। উল্লেখ্য যে, বিগত কেইবা বছৰো ধৰি শিলঘাট ৰবৰবাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰি আছিছে। ফলত কাষৰীয়া তিনি শতাধিক পৰিয়ালৰ লগতে ভাবুকি নামি আহিছে শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ প্ৰতিও।

ইয়াৰ বিপৰীতে বিভাগীয় হেমাহিৰ বাবেই পানীত পৰাৰ উপক্ৰম হৈছে অঞ্চলটোত খহনীয়া ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰায় ৭ কোটি টকাৰ আঁচনি। ৭ কোটি টকাৰ ব্যয়ৰে খহনীয়া ৰোধৰ বাবে অনা প্ৰায় ২২হাজাৰ পাৰ্কুপাইন জমা কৰা হৈছে নদীৰ কাষত। কিন্তু বাৰিষা আৰম্ভ হোৱাৰ পিছতো এতিয়াও অৰ্ধেক অংশ পাৰ্কুপাইন উক্ত স্থানলৈ অনাই নাই অশোক আগৰৱালা নামৰ ঠিকাদাৰজনে। ফলত ভৰ বাৰিষা পাৰ্পুপাইন পেলাই জলসম্পদ বিভাগে সাত কোটি টকাৰ সৰাধ কৰিবলৈ ওলোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।

উল্লেখ্য যে, বিগত বৰ্ষতো খহনীয়া ৰোধৰ বাবে অঞ্চলটোত অপৰিকল্পিত ভাৱে পাৰ্কুপাইন পেলোৱা হৈছিল যদিও তাৰ কোনো সুফল নাপালে স্থানীয় ৰাইজে। পুনৰ ভৰ বাৰিষা পাৰ্কুপাইন পেলাই খহনীয়া ৰোধৰ অপচেষ্টা কৰাৰ লগতে খহনীয়া ৰোধৰ নামত প্ৰায় সাত কোটি টকাৰ সৰাধ কৰিবলৈ ওলোৱা বুলিহে অভিযোগ কৰিছে স্থানীয় লোকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in