কলিয়াবৰৰ পৰা ডকাইতে কাঢ়ি নিয়া বাহনৰ চালকক উদ্ধাৰ

কলিয়াবৰৰ পৰা ডকাইতে কাঢ়ি নিয়া বাহনৰ চালকক উদ্ধাৰ

ডিজিটেল সংবাদ, কলিয়াবৰঃ নিশা কলিয়াবৰৰ ৰাজপথৰ পৰা কাঢ়ি নিয়া চাহপাত ভৰ্তি টাটা ম'বাইল বাহনখনৰ চালকজনক উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

কলিয়াবৰৰ বৰভগীয়া চাৰিআলি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৫-৬জনীয়া দুৰ্বৃত্তৰ দলে চালকক মাৰধৰ কৰি কাঢ়ি নিছিল AS 03 BC 6300 নম্বৰৰ বাহনখন। তিতাবৰৰ পৰা গুৱাহাটী অভিমুখে চাহপাত কঢ়িয়াই আনি থকা অৱস্থাতেই সংঘটিত হৈছিল এই ঘটনা।

মিছা আৰক্ষীয়ে আহত অৱস্থাত উদ্ধাৰ কৰিছে বাহনখনৰ চালক ধ্ৰুৱ কছাৰীক। তদন্তকাৰী আৰক্ষীয়ে ৰূপহীৰ এটি পথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰিছে বাহনখনে কঢ়িয়াই নিয়া কেইবাটাও চাহপাতৰ বেগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in