কলিয়াবৰত দিনদুপৰতে ডকাইতি কাণ্ডঃ ডেৰ লাখ টকা লৈ উধাও চাৰিটাকৈ দুৰ্বৃত্ত…

কলিয়াবৰত দিনদুপৰতে ডকাইতি কাণ্ডঃ ডেৰ লাখ টকা লৈ উধাও চাৰিটাকৈ দুৰ্বৃত্ত…

ডিজিটেল সংবাদ, কলিয়াবৰ: কলিয়াবৰত মঙলবাৰে দিনদুপৰতে সংঘটিত হৈছে দিন ডকাইটিৰ ঘটনা৷ দিনদুপৰতে আৰক্ষীৰ অস্তিত্বক অস্বীকাৰ কৰি উলুৱনি থানাৰ পৰা প্ৰায় এশ মিটাৰ নিলগৰ পথৰ পৰাই লুট কৰি নিলে ডেৰ লাখকৈ টকা৷ ডকাইতৰ আক্ৰমণত আহত হ'ল এগৰাকী ব্যক্তি৷ ঘটনাৰ বিৱৰণী মতে, কলিয়াবৰৰ হাতীবন্ধাস্থিত ভাৰতীয় ষ্টেট বেংকৰ ছি-এছ-পি শাখাত কৰ্মৰত হেমন্ত তিমচিনা নামৰ এগৰাকী ব্যক্তিয়ে ডেৰ লাখ টকা বেংকটোৰ পৰা উলিয়াই আনোতে দুখন বাইকত অহা চাৰি দুৰ্বৃত্তই বন্দুক দেখুৱাই বেগ কাঢ়ি উধাও হয়।

দুৰ্বৃত্তৰ টনা-আজোৰাত আঘাতপ্ৰাপ্ত হয় হেমন্ত তিমচিনা নামৰ লোকজন। ঘটনাৰ পিছতে জখলাবন্ধা হাস্পতাললৈ প্ৰেৰণ কৰে আহত ব্যক্তিগৰাকীক। কলিয়াবৰৰ উলুৱনী আৰক্ষী-চুলুং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদম্ত আৰম্ভ কৰাৰ লগতে চাৰি দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছে যদিও সফল হ'ব পৰা নাই আৰক্ষী৷ উল্লেখ্য যে¸ চুলুং আৰক্ষী চকীৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে চুলুং টহলদাৰী আৰক্ষী আৰু উলুৱনী থানাৰ আৰক্ষীয়ে অভিযান চলাই সোধা পোচাৰ বাবে ৩ নং বৰঘূলিৰ ৰছিদুল হকক আটক কৰিছে যদিও ঘটনা সংক্ৰান্তত বিশেষ তথ্য লাভ কৰা নাই আৰক্ষীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in