কলিয়াবৰত শয্যাগত এগৰাকী কলেজীয়া ছাত্ৰীৰ, স্বাস্থ্যমন্ত্ৰী তথা অসমবাসীক সহায়ৰ আহ্বান পৰিয়ালৰ…

কলিয়াবৰত শয্যাগত এগৰাকী কলেজীয়া ছাত্ৰীৰ, স্বাস্থ্যমন্ত্ৰী তথা অসমবাসীক সহায়ৰ আহ্বান পৰিয়ালৰ…

ডিজিটেল সংবাদ, কলিয়াবৰ: এটা পথ দুৰ্ঘটনাই কলিয়াবৰৰ বামুনী শান্তিপুৰৰ এগৰাকী ছাত্ৰীৰ জীৱনলৈ নমাই আনিছে ঘোৰ অমানিশা। কলিয়াবৰ মহাবিদ্যালয়ত অধ্যয়নৰত নিশা দাস নামৰ ছাত্ৰী গৰাকী পথ দুৰ্ঘটনাটোৰ পিছতে বৰ্তমান বিচনাতে দিন-ৰাতি পাৰ কৰিবলগা হৈছে। উল্লেখ্য যে, যোৱা ৬ জানুৱাৰীত কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজ খাবলৈ গৈছিল ছাত্ৰীগৰাকী। কিন্তু উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত হয় নিশা দাস উঠি অহা টেম্পোখন। ফলত ডিঙিত বেয়াকৈ আঘাট পায় ছাত্ৰীগৰাকীয়ে।

ইয়াৰ পিছতে পিতৃ স্বপন দাস আৰু মাতৃ ৰেনু দাসে নিশাক গুৱাহাটীস্থিত জি এন আৰ চি চিকিৎসালয়লৈ নিয়ে যদিও অৰ্থৰ অভাবত দুদিনমান ৰাখি গুৱাহাটীৰ মেডিকেল কলেজ চিকিৎসালয়লৈ লৈ অনা হয়। জি এন আৰ চিৰ চিকিৎসকে জনোৱা অনুসৰি ছাত্ৰী গাকীৰ ডিঙিত অপাৰেচন কৰিব লাগিব। যাৰ বাবদ আৱশ্যক হ'ব শকত পৰিমাণত ধনৰ। যাৰ বাবে অসহায় হৈ পৰিছে পৰিয়ালটো। কিয়নো নিশা দাসৰ পিতৃয়ে বজাৰে বজাৰে কাপোৰ বিক্ৰী কৰি পৰিয়ালটো চলাই আহিছে। এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী তথা অসমবাসীৰ পৰা সহায় বিচাৰিছে অসহায় পৰিয়ালটোৱে। অতি মেধা সম্পন্ন নিশাক যদি কোনোৱে সহায় কৰিব বিচাৰে তেন্তে পিতৃ স্বপন দাসৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট নম্বৰ 33693201045 IFSC CODE- SBIN0004273 নম্বৰত সহায় কৰিব পাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in