অসমীয়া প্ৰতিদিনৰ সাংবাদিকে উদঙালে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ স্বৰূপঃ কৰ্মচাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী মহকুমাধিপতিৰ…

অসমীয়া প্ৰতিদিনৰ সাংবাদিকে উদঙালে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ স্বৰূপঃ কৰ্মচাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী মহকুমাধিপতিৰ…

ডিজিটেল সংবাদ কলিয়াবৰ: সোমবাৰে কলিয়াবৰত মহকুমাধিপতিৰ আকস্মিক পৰিদৰ্শনে উদঙালে কেইবাটাও চৰকাৰী কাৰ্যলয়ৰ কৰ্মচাৰীৰ উপস্থিতিৰ পুতৌজনক ছবি। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে কেইবাটাও কাৰ্যালয়ত ওলাল সময়মতে কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নোহোৱাৰ তথ্য। একেদিনাই কেইবাটাও কাৰ্যালয়ৰ ১৫ গৰাকীতকৈ অধিক কৰ্মচাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিলে মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে।

উল্লেখ্য যে, কলিয়াবৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সম্প্ৰতি সময়তকৈ পলমকৈ কাৰ্যালয়ত উপস্থিত হোৱাটো এতিয়া এই কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ নিয়মত পৰিণত হৈছে। প্ৰায়ে কাৰ্যালয়টোত অনুপস্থিত থাকে মণ্ডল, কানানগোকে ধৰি একাংশ কৰ্মচাৰী। পুৱাৰে পৰা ঘণ্টাৰ পিছত ঘণ্টা কৰ্মচাৰীলৈ খপিয়া পিতিব লাগে কাৰ্যালয়টোলৈ বিভিন্ন কামত অহা জনসাধাৰণে।

সোমবাৰে মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসৰ আকস্মিক পৰিদৰ্শনৰ সময়তো কাৰ্যালয়টোত অনুপস্থিত আছিল চক্ৰ বিষয়াগৰাকীৰ লগতে ১৫ গৰাকী কৰ্মচাৰী। সময় মতে উপস্থিত নোহোৱা কৰ্মচাৰীক হাজিৰা বহীত অনুপস্থিত ঘোষণা কৰিলে মহকুমাধিপতিয়ে। উল্লেখ্য যে, চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ বহু লোক বিভিন্ন কামত আহি কৰ্মচাৰীলৈ অপেক্ষা কৰি থকা অৱস্থাতে অসমীয়া প্ৰতিদিনৰ কাজিৰঙাস্থিত সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই ফেচবুকৰ জৰিয়তে লাইভ কৰিছিল কাৰ্যালয়টোৰ দৃশ্য।

সাংবাদিকজনৰ লাইভ চলি থকাৰ মাজতে কাৰ্যালয়টোত উপস্থিত হয় মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাস। কাৰ্যালয়টোৰ ১৫ গৰাকীকৈ কৰ্মচাৰী অনুপস্থিত দেখি স্তম্ভিত মহকুমাধিপতি। অনুপস্থিত কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মহকুমাধিপতিৰ। অৱশ্যে, নিৰীক্ষণৰ পিছত ৰাজহ চক্ৰ বিষয়া গৰাকী চৰকাৰী কামত বাহিৰত থকা বুলি সদৰি কৰে মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে।
ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে গড়কাপ্তানি বিভাগৰ কাৰ্যালয়তো কৰ্মচাৰীৰ অনুপস্থিতি ধৰা পৰে মহকুমাধিপতিৰ আকস্মিক পৰিদৰ্শনৰ সময়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in