কলিয়াবৰৰ ৰাজপথত পুনৰ গাড়ী চুৰিৰ ঘটনা

কলিয়াবৰৰ ৰাজপথত পুনৰ গাড়ী চুৰিৰ ঘটনা

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰত পুনৰ সংঘটিত হৈছে গাড়ী চুৰিৰ ঘটনা। নিশা চালক-আৰোহীক প্ৰহাৰ কৰি এখন বলেৰ' পিকআপ লৈ উধাও পিষ্টলধাৰী দুৰ্বৃত্ত।

নিশা প্ৰায় ১ বজাত পথত আগভেটি দি গাড়ী চুৰ কৰিছিল চোৰ কেইটাই। চুৰি কৰা গাড়ীখনৰ নম্বৰ AS12DC 0531। দুখন বাহনত আহিছিল ১০-১২ জনীয়া দুৰ্বৃত্তৰ দল।

উলুৱনী থানাৰ অন্তৰ্গত গৰৈমাৰীৰ পৰা চুৰি বাহনখন। দুৰ্বৃত্তই হাত-ভৰি বান্ধি বৰঘূলীত পেলাই থৈ যায় বাহনখনৰ ৩ আৰোহীক। আহত অৱস্থাত উদ্ধাৰ ওমৰ ফাৰুক, টংকেশ্বৰ দাস, বসন্ত দাসক। এয়াৰটেল কোম্পানীৰ কামত ব্যৱহৃত আছিল চুৰি গাড়ীখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in