কলিয়াবৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত ৰাইজৰ দুৰ্ভোগঃ মহকুমা প্ৰশাসনৰ পদক্ষেপ

কলিয়াবৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত ৰাইজৰ দুৰ্ভোগঃ মহকুমা প্ৰশাসনৰ পদক্ষেপ

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত চূড়ান্ত বিসংগতি থকা বুলি সুদীৰ্ঘ দিন ধৰি কলিয়াবৰ তিনি আলি উন্নয়ন সমিতিৰ লগতে স্থানীয় ৰাইজ, দল সংগঠনে দাবী কৰি আহিছে যদিও এন এইচ আই ডি চি এল আৰু পথ নিৰ্মাণকাৰী কোম্পানী ছিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাকছাৰ লিমিটেডে এইক্ষেত্ৰত কোনো ধৰণৰ যথোচিত পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভূগিব লগা হৈছে। বিশেষকৈ কলিয়াবৰ তিনি আলিৰ পৰা উলুৱনী চাৰিআলি লৈকে পথটোত বিসংগতি থকাৰ লগতে পথৰ দুয়োকাষে পানী যোৱা নলাৰ সুব্যৱস্থা নকৰাৰ ফলত কলিয়াবৰ মহকুমাধিপতি কাৰ্য্যালয় আৰু পথৰ দুয়োকাষে থকা স্থানীয় বাসিন্দাই এজাক বৰষুণ দিলেই কৃটিম বান পানীৰ কবলত পৰি জলবন্দী হ'বলগা হয়। যাৰ বাবে স্থানীয় লোকসকলে দীৰ্ঘদিন ধৰি আপত্তি কৰি অহাৰ লগতে এই ব্যৱস্থাৰ স্থায়ী সমাধান কৰিবলৈ দাবী জনাই আহিছে।

স্থানীয় ৰাইজ আৰু দল সংগঠনে বহুবাৰ কোম্পানীৰ বিৰুদ্ধে পথ অৱৰোধ আৰু নিৰ্মাণ কাৰ্য বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও কোম্পানীটোৱে ৰাইজৰ প্ৰতিবাদক গুৰুত্ব নিদিয়া বুলিও ৰাইজে ক্ষোভ প্ৰকাশ কৰে। এজাক বৰষুণতেই কৃত্ৰিম বানপানীৰ ফলত অঞ্চলটোত ৰাইজে দুৰ্ভোগ ভূগিছে ৷ শেহতীয়া ভাবে এই সমস্যা সন্দৰ্ভত স্থানীয় এগৰাকী অসহায় মহিলাই সমাধান বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে মূখ্যমন্ত্ৰীক কাতৰ আহ্বান জনায়।

ইয়াৰ পাছতেই কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে অসহায় মহিলাগৰাকীৰ কাষ চাপে আৰু পৰিস্থিতি পৰ্য্যবেক্ষণ কৰি ১৮ জুলাইত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা এন এইচ আই ডি চি এলৰ তেজপুৰস্থিত কাৰ্য্যালয়ৰ উপ মহা প্ৰৱন্ধক কলিয়াবৰ তিনি আলিৰ পৰা কলঙলৈকে ৰাষ্ট্ৰীয় ঘাইপথটো দুয়ো কাষে পানী নলা নিৰ্মাণৰ সুব্যৱস্থা কৰি দীৰ্ঘদিনীয়া স্থানীয় ৰাইজৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰে। কলিয়াবৰৰ মহকুমাধিপতিয়ে পত্ৰৰ পিছতেই এন এইচ আই ডি চি এলে পথ নিৰ্মাণ কোম্পানী ছিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাকছাৰ লিমিটেডক বৃহস্পতিবাৰে পত্ৰ প্ৰেৰণ কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in