কলকাতা উচ্চ ন্যায়ালয়ত ৫জন নতুন ন্যায়াধীশক নিযুক্তি

কলকাতা উচ্চ ন্যায়ালয়ত ৫জন নতুন ন্যায়াধীশক নিযুক্তি

ডিজিটেল ডেস্কঃ কলকাতা উচ্চ ন্যায়ালয়ত নিযুক্তি দিয়া হয় ৫জনকৈ নতুন ন্যায়াধীশ। মঙলবাৰে নৱ-নিযুক্ত ন্যায়াধীশ কেইগৰাকীক শপত পাঠ কৰাই উচ্চ ন্যায়ালয়ৰ কাৰ্যবাহী মুখ্য ন্যায়াধীশ বিশ্বনাথ সমদৰে। উচ্চ ন্যায়ালয়ত নৱ-নিযুক্তি লাভ কৰা ন্যায়াধীশ কেইগৰাকী ক্ৰমে- মহম্মদ নিজামুদ্দিন, তীৰ্থকৰ ঘোষ, হিৰণ্ময় ভট্টাচাৰ্য, চোতিল ভট্টাচাৰ্য আৰু মনোজিত মণ্ডল। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জাৰি এক গেজেট বিজ্ঞপ্তিত জনোৱা হয় যে- বিচাৰপতি মনোজিত মণ্ডলে ২৬ ছেপ্টেম্বৰ, ২০২০ত অৱসৰ গ্ৰহণ কৰিব।

২০১৬ত উচ্চতম ন্যায়ালয়ত কলেজিয়াম মহম্মদ নিজামুদ্দিনৰ নাম নিৰ্বাচন কৰিছিল। তাৰপাছত কলেজিয়ামে ২০১৮ত তীৰ্থকৰ ঘোষ, হীৰাণ্ময় ভট্টাচাৰ্য আৰু সোগত ভট্টাচাৰ্যৰ নাম নিৰ্বাচন কৰে। ন্যায়াধীশ ৫গৰাকীৰ ভিতৰত মনোজিত মণ্ডল জ্যেষ্ঠ ন্যায়াধীশ বিষয়া। কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা নতুন ৫গৰাকী ন্যায়াধীশসহ মুঠ ৪১জন হয়গৈ। কিন্তু কলকাতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশৰ মুঠ পদৰ সংখ্যা ৭২। অৰ্থাৎ বৰ্তমানেও ৩১জন ন্যায়াধীশৰ পদ খালী আছে।

আনহাতে, উচ্চ ন্যায়ালয় বাৰ এছ'চিয়েশ্যনে গৱৰ্ণৰগৰাকীক নূন্যতম ১০ হাজাৰ টকা দাবী কৰে। সেই ধনেৰে কনিষ্ঠ অধিবক্তাই অনুশীলনৰ বাবে বহা কোঠালীটোৰ আন্তঃগাঁথনি উন্নত কৰাৰ সিদ্ধান্ত লয় বাৰ কাউন্সিল অৱ ইণ্ডিয়াই। ইফালে, মঙলবাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য দ্বাৰৰ পৰা এক সমদল বাহিৰ কৰা হয় য'ত শতাধিক অধিবক্তাই অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in