শেহতীয়া খবৰ
জি-৭ত প্ৰধানমন্ত্ৰী মোদীঃ এক পৃথিৱা, এক স্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ...  •  ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি

ক’লাজলত তীব্ৰবেগী বাহনে মহতিয়াইলে পথচাৰীক, থিতাতে মৃত্যু…

ডিজিটেল সংবাদ,দুমুনিচকী : বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ক’লাজলত বুধবাৰে নিশা প্ৰায় ১০-৩০ বজাত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে একেখন থানাৰ অন্তৰ্গত তথা পেচাত গাড়ী চালক, মালিবাৰী গাঁও নিবাসী আজেদ আলীয়ে (৪৬) নিজৰ কৰ্তব্য শেষ কৰি আজি প্ৰায় ১০-৩০ বজাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাইহাটা চাৰিআলি অভিমুখে খোজকাঢ়ি আহি আছিল।

তেনে সময়তে গুৱাহাটী অভিমুখী তীব্ৰবেগী বাহন এখনে ক’লাজলত আলীক পিছফালৰ পৰা মহতিয়াই থৈ পলায়ন কৰে। ফলত পথৰ ওপৰত চিটিকি পৰি আলীৰ থিতাতে মৃত্যু হয়। বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে ঘটনা সম্পৰ্কে অবগত হোৱাত আৰক্ষী উপস্থিত হৈ আজেদ আলীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি