কলাইগাঁৱৰ শিক্ষয়ত্ৰী হত্যাকাৰীক শাস্তিৰ দাৱী অসম সাহিত্য সভাৰ…

কলাইগাঁৱৰ শিক্ষয়ত্ৰী হত্যাকাৰীক শাস্তিৰ দাৱী অসম সাহিত্য সভাৰ…

ডিজিটেল সংবাদ, মঙলদৈঃ কলাইগাৱঁৰ শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াক পাশৱিকভাৱে হত্যা কৰাৰ এসপ্তাহ পাৰহৈ যোৱাৰ পাছতো হত্যাকাৰীক বিছাৰি উলিয়াব নোৱাৰা কাণ্ডত ক্ষোভ প্ৰকাশ কৰিছে অসম সাহিত্য সভাই। লক্ষ্যনীয়ভাৱে কলাইগাওৰ দৰে এখন বহু জনগোষ্ঠীৰ সম্প্ৰতিৰ স্হলত শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত জৰিতএগৰাকী মহিলাক নিৰ্মম ভাৱে হত্যা কৰি এখন শিক্ষানুষ্ঠানত মৃতদেহ পেলাই থৈ যোৱা ঘটনাই সাধাৰণ ৰাইজৰ নিৰাপত্তাহীনক স্পষ্ট কৰিছে।

শনিবাৰে মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ পৰা কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছবাৰ্তাত অসম সাহিত্য সভাৰ সম্পাদক দ্বীপেন্দ্ৰ নাৰায়ণ কোৱৰে নয়নতৰা হত্যাকাণ্ডৰ তদন্ত ৰহস্যজনক ভাৱে লেহেমীয়া কৰা বুলি আক্ষেপ প্ৰকাশ কৰে ।

উল্লেখ্য, মৃতদেহ উদ্ধাৰ হোৱাৰ দিনাই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা আৰু সম্পাদক দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰৰ নেতৃত্বত এটা প্ৰতিনিধি দলে মৃতকৰ ঘৰলৈ গৈ পৰিস্হিতি অধ্যয়ন কৰে আৰু আৰক্ষী ক অতি সোনকালে হত্যাকাণ্ডৰ লগত জৰিত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় আৰু মৃতকৰ পৰিয়ালকো সমবেদনা জনায় ।

প্ৰেছবাৰ্তাত সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সংঘটিত অপৰাধ মুলক ঘটনা বৃদ্ধি পাই অহাত উদ্দেগ প্ৰকাশ কৰে আৰু আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত সকৃয় ভূমিকা লৈ জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in