কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! একেটা পৰিয়ালৰে তিনিজনক নিৰ্মমভাৱে হত্যা…

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! একেটা পৰিয়ালৰে তিনিজনক নিৰ্মমভাৱে হত্যা…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত মুখীগাঁৱত একেটা পৰিয়ালৰে তিনিজন সদস্যক অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে দাৰে ঘপিয়াই হত্যা কৰাত জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । বুধবাৰৰ নিশা সংঘটিত হোৱা এই ভয়ানক ঘটনাত একেটা পৰিয়ালৰে নিহত হোৱা তিনিজন সদস্য ক্ৰমে টিপুল ৰায়(পিতৃ ,৩৪), মৰমী ৰায়(মাতৃ ,২৫) আৰু অঞ্জুমণি ৰায়(কন্যা সন্তান ,৩) ।

আনহাতে এই ঘটনাত সৌভাগ্যবশত কবিতা ৰায়(৬) নামৰ কণমানি কন্যাগৰাকী ৰক্ষা পৰে । উল্লেখ্য যে, ব্যাপক চাঞ্চল্য সৃষ্টিকাৰী উক্ত ঘটনা বৃহস্পতিবাৰে ৰাতিপুৱাহে পোহৰলৈ আহে । গাঁওবাসীৰ একাংশই ৰাতিপুৱা মৰমী ৰায় আৰু অঞ্জুমণি ৰায়ৰ মৃতদেহ বাহিৰত প্ৰত্যক্ষ কৰি হুৱাদুৱা লগাই আৰু আৰক্ষীক খবৰ দিয়ে ।

আৰক্ষীয়ে মুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হৈ নিহত পৰিয়ালটোৰ সদস্য কেইজনৰ মৃতদেহ উদ্ধাৰ কৰে । ইয়াৰে টিপুল ৰায়ৰ মৃতদেহ ঘৰৰ ভিতৰত আৰু মাতৃ কন্যাৰ মৃতদেহ ঘৰৰ বাহিৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে ।

দুৰ্ষ্কৃতিকাৰীয়ে ঘৰৰ পিছফালে সিন্ধি খান্দি প্ৰৱেশ কৰি প্ৰথমে টিপুল ৰায়ক হত্যা কৰে আৰু কন্যা সন্তানক সাৱটি লৈ মাতৃ মৰমী ৰায়ে পলায়ন কৰিব খোজোতে বাহিৰতে হানি খুচি দুৰ্ষ্কৃতিকাৰীয়ে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে গাঁওবাসীয়ে ।

গাঁওবাসীয়ে প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে দুৰ্ষ্কৃতিকাৰীৰ আক্ৰমণত নিহত হোৱা পৰিয়ালটো সাধাৰণ শ্ৰমিক পৰিয়াল আছিল আৰু কাৰো সৈতে কোনোধৰণৰ সংঘাত নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in