নাৰী হ’ল প্ৰকৃতিৰ দৰেঃ কোকৰাঝাৰত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন…

নাৰী হ’ল প্ৰকৃতিৰ দৰেঃ কোকৰাঝাৰত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাগাঁও প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আজি চেইণ্ট আনচ্ কলেজৰ উদ্যোগত আৰু এনএচএচৰ সহযোগত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় । দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ কাৰ্যসূচীত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° ডেইজী ডেকা উপস্থিত থাকি নাৰীক প্ৰকৃতিৰ সতে তুলনা কৰে । নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা , সামাজিক ব্যাধি দুৰীকৰণত নাৰীয়ে বলিষ্ট ভূমিকা লব পাৰে বুলি মন্তব্য কৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° ডেইজী ডেকাৱে বৰ্তমান সমাজত পুৰুষ – নাৰীৰ ব্যৱধান কমি আহিছে আৰু নাৰীয়ে সৰ্বদিশতে উন্নয়ন সাধিবলৈ সক্ষম হোৱাটো শুভলক্ষণ বুলি মন্তব্য কৰিছে ।

আনহাতে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সমাজসেৱক অজিত নাৰায়ন ৰায়ে নিজ ভাষণত শিক্ষা আৰু সংস্কাৰে হে নাৰী পুৰুষৰ ব্যৱধান নাইকীয়া কৰিব পাৰে বুলি মন্তব্য কৰে । মমতাময়ী নাৰীৰ ওপৰত চলি থকা বৈষম্য , বিভেদ দুৰ কৰিৱলৈ সকলোৱে আগবাঢ়ি অহা উচিত বুলিও মন্তব্য কৰে । আজিৰ অনুষ্ঠান চেইণ্ট আনচ্ কলেজৰ অধ্যক্ষা ড° চিষ্টাৰ অনিতা , এনএচএচৰ প্ৰগ্ৰাম বিষয়া সৰোজিনী মাৰ্ডী , চেইণ্ট আনচ্ কলেজৰ সহকাৰী অধ্যাপিকা পখিলী ৰায় , চেইণ্ট আনচ্ কলেজৰ প্ৰৱন্ধক চিষ্টাৰ ৰেজি , সমাজসেৱক সূৰ্পা ৰায় আদিকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in