মডেল বিটিচিৰ প্ৰতিশ্ৰুতি অসাৰ, ৰাইজে নিজেই নিৰ্মাণ কৰিলে বাঁহৰ দলং

মডেল বিটিচিৰ প্ৰতিশ্ৰুতি অসাৰ, ৰাইজে নিজেই নিৰ্মাণ কৰিলে বাঁহৰ দলং

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্যবাসীক পৰিৱৰ্তনৰ আশ্বাস দি চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ তথা মডেল বিটিচি গঢ়াৰ প্ৰতিশ্ৰুতি দিয়া বিপিএফ চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাইছে ২৯ নং পশ্চিম কোকৰাঝাৰ সমষ্টিবাসী ৰাইজে। ফলত চৰকাৰ, গড়কাপ্তানী বিভাগৰ ওপৰত ভৰসা নকৰি ৰাইজে হেল নৈৰ ওপৰত বাহৰ দলং নিৰ্মাণ কৰে। স্থানীয় ৰাইজে একলগ হৈ বাঁহৰে পশ্চিম কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত ছৰাইডাখাত হেল নৈৰ ওপৰত বাহৰ দলংখন নিৰ্মাণ কৰি উলিয়ালে।

ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ আৰু বিপিএফ চৰকাৰৰ ওপৰত যেন আস্থা হেৰুৱাইছে মুঠ ১২খন গাঁৱৰ ১২ সহস্ৰাধিক ৰাইজে। পৰিৱৰ্তনৰ আশ্বাস দি চৰকাৰ গঠন কৰা চৰকাৰখনে ৰাইজৰ দুখ-যান্ত্ৰনা পাহৰিছে বুলিও ক্ষোভ প্ৰকাশ কৰে গাঁওবাসীয়ে।কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চেৰফাংগুড়ী ছৰাইডাখা পৰা মুঠ ১২খন গাঁৱৰ মাজেদি গৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ এটাই নিৰ্মাণ কৰিবলগীয়া দলংখনক নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰি বিটিচি চৰকাৰলৈ আবেদন-নিৱেদন কৰাত গড়কাপ্তানী বিভাগে নিৰ্মানৰ বাবে ছাৰ্ভেও কৰিছিল। কিন্তু আজি পৰ্যন্ত কি কাৰণত উক্ত নৈখনৰ ওপৰত পকী দলং নিৰ্মাণ নহ'ল বুলি প্ৰশ্ন উত্থাপন কৰে স্থানীয় ৰাইজে।

চৰকাৰ, জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন জনায়ো কোনো ফল নোপোৱাৰ ফলত শনিবাৰে হাতে হাতে দা, বাঁহ, ৰছী সংগ্ৰহ কৰি হাতে-কামে লাগিল গাঁৱৰ পুৰুষ-ডেকা ৰাইজ। চৰকাৰ, গড়কাপ্তানী বিভাগলৈ আশা নকৰি নকৰি বাঁহৰ দলং নিৰ্মাণৰ কামত নামি পৰিল সকলো। এই নিৰ্মাণৰ কাম নেতৃত্ব দিছে দতমা বিটিচি পৰিষদীয় সদস্য জৌমৈ উৱাৰীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in