বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO

বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত ট্ৰেফিক আৰক্ষীৰ কনিষ্টবল এজনে ৰাজহুৱা স্থানতে মহিলাৰ মুখত ঘোচা মাৰি গুৰুতৰ ভাৱে আহত কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সঞ্জীব গয়াৰী নামৰ ট্ৰেফিক আৰক্ষীৰ কনিষ্টবল গৰাকীয়ে পাবলগীয়া ধন ঘূৰাই খোজাৰ অপৰাধতে চিৰাং জিলাৰ চেৰফাংগুৰী বেংতলৰ নিৰুপমা বসুমতাৰী(৩৮) নামৰ মহিলা গৰাকীৰ মুখত সৰ্বশক্তি প্ৰয়োগ কৰি ঘোচা মাৰি বগৰাই দিয়ে।

ট্ৰেফিক আৰক্ষীৰ ঘোচাত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক তৎকালিনভাৱে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয়। ট্ৰেফিক আৰক্ষীৰ ঘোচাত আহত হোৱা মহিলাগৰাকীয়ে প্ৰকাশ কৰা মতে ট্ৰেফিক আৰক্ষীৰ কনিষ্টবল সঞ্জীব গয়াৰীয়ে বহু দিনৰ পূৰ্বে ৭ হেজাৰ টকা ঋণ লৈছিল। উক্ত টকা বহু দিন ধৰি ওভতাই দিবলৈ কৈ অহা স্বত্বেও টকা ওভতাই দিয়া নাছিল আৰু বৃহস্পতিবাৰে তেওঁ ট্ৰেফিক আৰক্ষীগৰাকীক বিচাৰি কোকৰাঝাৰ সদৰ চহৰলৈ আহে।

কোকৰাঝাৰ সদৰ চহৰত ট্ৰেফিক আৰক্ষীগৰাকীক কৰ্মৰত অৱস্থাত প্ৰত্যক্ষ কৰি মহিলাগৰাকীয়ে নিজ প্ৰাপ্য টকা ঘূৰাই দিবলৈ কোৱাত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় আৰু পৰিণতিত ট্ৰেফিক আৰক্ষীগৰাকীয়ে মহিলা গৰাকীৰ মুখত প্ৰচণ্ড জোৰেৰে ঘোচা মাৰে।

ট্ৰেফিক আৰক্ষীৰ ঘোচাত মহিলাগৰাকী গুৰুতৰ ভাৱে আহত হয় আৰু চিকিৎসাধীন হবলগীয়া হয়। কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে মহিলাক ঘোচা মাৰি আহত কৰা বলৱান ট্ৰেফিক আৰক্ষীৰ কনিষ্টবল সঞ্জীব গয়াৰীক আটক কৰিছে। আনহাতে প্ৰত্যক্ষদৰ্শী একাংশ মহিলাই ঘটনাৰ পিছত সদৰ থানাত উপস্থিত হৈ ট্ৰেফিক আৰক্ষী গৰাকীক আইনৰ আওঁতালৈ আনি আইন অনুসাৰে শাস্তিৰ দাবী উত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in