কোকৰাঝাৰত কৃতীমানক সম্বৰ্ধনা অসম আৰক্ষীৰ, জীৱনৰ পৰিকাঠামো গঢ়ি লোৱাৰ এয়াই উপযুক্ত সময়ঃ ৰাজেন সিং

কোকৰাঝাৰত কৃতীমানক সম্বৰ্ধনা অসম আৰক্ষীৰ, জীৱনৰ পৰিকাঠামো গঢ়ি লোৱাৰ এয়াই উপযুক্ত সময়ঃ ৰাজেন সিং

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসম আৰক্ষীত কৰ্মৰত বিষয়া -কৰ্মচাৰীয়ে অত্যাধিক ব্যস্ততাৰ বাবে পৰিয়ালৰ লোকক সময় দিব নোৱাৰা সত্বেও ক্ৰমান্বয়ে আৰক্ষী পৰিয়ালৰ লৰা-ছোৱালী সকল স্বকীয় প্ৰতিভাৰে উজলি উঠিছে। ইউপিএচচিৰ পৰা বোৰ্ড পৰ্যায়ৰ পৰীক্ষালৈকে আৰক্ষী পৰিয়ালৰ সদস্যৰ সফলতাই অসম আৰক্ষীৰ সৌষ্ঠব-গৰিমা বৃদ্ধি কৰাৰ মাজতে শনিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতীমানক সম্বৰ্ধনা জ্ঞাপন কৰে।

এই উপলক্ষে কোকৰাঝাৰ আৰক্ষী পৰিয়ালৰ ২৮ গৰাকী কৃতীমানক শনিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে আনুষ্ঠানিকভাৱে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত কৃতীমানসকলৰ লগতে কোকৰাঝাৰ আৰক্ষীত কৰ্মৰত তেওঁলোকৰ অভিভাৱকসকলেও অংশগ্ৰহণ কৰে।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱাল, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী ৰাণী শৰ্মা, উপ আৰক্ষী অধীক্ষক পুৰ্নজিৎ নাথ আদিকে ধৰি জিলাৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকি কৃতী ছাত্ৰ ছাত্ৰীসকলক উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰি কৃতীমানসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সফলতাৰ কোনো চমু পথ নাই বুলি মন্তব্য কৰি ছাত্ৰ ছাত্ৰীসকলক আৰু অধিক কষ্ট পৰিশ্ৰমেৰে জীৱনৰ পৰিকাঠামো এতিয়াৰ পৰাই গঢ় দিবলৈ আহ্বান জনায়। সাধাৰণতে আৰক্ষী এগৰাকীয়ে নিজ ব্যস্ততাৰ বাবে পৰিয়ালক সময় দিব নোৱাৰা সত্বেও আৰক্ষী পৰিয়ালৰ লৰা- ছোৱালীসকল ক্ৰমাগতভাৱে ভাল ফলাফল দেখুয়াবলৈ সক্ষম হোৱাটো ইতিবাচক দিশ বুলি মন্তব্য কৰি জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে ব্যস্ততাৰ বাবেই সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰাত পলম হ'ল বুলি মন্তব্য কৰে।

সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা সমুহ ছাত্ৰ ছাত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰি নিজৰ লৰা ছোৱালীৰ প্ৰতি সঠিক দৃষ্টি ৰাখিবলৈও অভিভাৱকসকলৰ প্ৰতি আহ্বান জনায়। উক্ত অনুষ্ঠানত বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালে নিজ ভাষণত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি সময়, অধ্যৱসায়, পৰিশ্ৰম আৰু সততাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in