কোকৰাঝাৰত শুকুৰবাৰৰ পৰা আৰম্ভ সপ্তম বাওখুংগ্ৰী উৎসৱ

কোকৰাঝাৰত শুকুৰবাৰৰ পৰা আৰম্ভ সপ্তম বাওখুংগ্ৰী উৎসৱ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিগত বছৰৰ দৰে এইবেলিও বি টি চি প্ৰশাসনৰ উদ্বোগত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সপ্তম বাওখুংগ্ৰী উৎসৱ। বহাগ বিহুৰ দিনা বাওখুংগ্ৰী পাহাৰ বগাই ভগৱান শিৱৰ আশীষ লৈ বছৰটোলৈ সু-স্বাস্থ্যৰ গৰাকী হোৱাৰ লগতে মনোকামনা পূৰ্ণ হোৱাৰ পৰস্পৰা বড়ো সমাজত পূৰ্বৰে পৰা চলি আহিছে। সেই প্ৰাচীন পৰম্পৰাৰ প্ৰতি লক্ষ্য ৰাখি বিগত ২০১৩ চনৰ পৰা বাওখুংগ্ৰী উৎসৱ বিটিচি প্ৰশাসনৰ উদ্বোগত উদযাপন কৰি অহা হৈছে।

শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা বাওখুংগ্ৰী উৎসৱ অহা ১৪ এপ্ৰিললৈ বাৰে বৰণীয়া কাৰ্য্যসূচী তথা পৰম্পৰাগত খেল যেনে খোমলাইনায়, ঘিলাযুঁজ, কুকুৰা যুঁজ, পাহাৰ বগোৱা আদি প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ'ব। উক্ত উৎসৱৰ শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুল দ্বাৰ উদ্বোধন কৰে বি টি চিৰ প্ৰধান সচিব বীৰেন্দ্ৰ ফুকনে। মূল দ্বাৰ উদ্বোধন কৰি সাংবাদিকৰ আগত বাওখুংগ্ৰী উৎসৱৰ বিষয়ে সবিশেষ জনাই বিটিচিৰ প্ৰধান সচিব বীৰেন্দ্ৰ ফুকনে এই উৎসৱৰ বিশেষ আকৰ্ষণ পাহাৰ বগোৱা বুলি উল্লেখ কৰে।

পাহাৰ বগোৱা প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰা প্ৰতিযোগীয়ে নগদ এক লাখ, দ্বিতীয় স্থান লাভ কৰা প্ৰতিযোগীয়ে পঞ্চাশ হাজাৰ আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীয়ে ২৫ হাজাৰ টকাৰ বঁটা লাভ কৰিব বুলি উল্লেখ কৰি প্ৰতিবছৰে পাহাৰ বগোৱা প্ৰতিযোগিতাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে বুলি উল্লেখ কৰিছে।

তাৰোপৰি বিভিন্ন জনগোষ্ঠীৰ খিলঞ্জীয়া খেল, থলুৱা খাদ্য উৎসৱৰ অন্যতম আকৰ্ষণ হোৱাৰ লগতে ডাংদুপুৰ পাহাৰত পাৰাগ্লাইডিঙৰ দৰে মনোৰঞ্জনৰ সুবিধা থকাৰ কথাও উল্লেখ কৰিছে বিটিচিৰ প্ৰধান সচিবগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in